অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ ২০২৬-ৰ বাবে ইংলেণ্ড ফুটবল দলে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। হেৰী কেনৰ নেতৃত্বাধীন দলটো বিশ্বকাপৰ পূৰ্ব প্ৰস্তুতি শিবিৰৰ বাবে চহৰখনত উপস্থিত হৈছে।
প্ৰধান প্ৰশিক্ষক থমাছ টুচেল আৰু তেওঁৰ দলৰ কেইবাগৰাকীও খেলুৱৈয়ে মঙলবাৰে বাৰ্মিংহাম বিমানবন্দৰৰ পৰা ফ্ল’ৰিডালৈ উৰা মাৰে, য’ত ৱেষ্ট পাম বিচত তেওঁলোকৰ গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ ঘাটি স্থাপন কৰা হৈছে।
আৰ্চেনেলৰ ডেক্লান ৰাইচ, ননি মাডুৱেকে, এবিৰেচি ইজে আৰু বুকাঅ’ ছাকাৰ লগতে ক্ৰিষ্টেল পেলেচৰ গ’লকীপাৰ ডীন হেণ্ডাৰছন—যিসকল আটাইকেইজন যোৱা সপ্তাহত ইউৰোপীয় ফাইনেলত ব্যস্ত আছিল—তেওঁলোকে পৰৱৰ্তী সময়ত দলৰ বাকীসকলৰ সৈতে যোগ দিব বুলি বিবিচিয়ে প্ৰকাশ কৰিছে।
ফ্ল’ৰিডাত থকাৰ সময়ছোৱাত ইংলেণ্ডে নিউজিলেণ্ড আৰু কষ্টা ৰিকাৰ বিৰুদ্ধে দুখন মেচ খেলি তেওঁলোকৰ বিশ্বকাপৰ ৱাৰ্ম-আপ (প্ৰস্তুতি খেল) অব্যাহত ৰাখিব। এই খেল দুখন অহা ৬ আৰু ১০ জুনত অনুষ্ঠিত হ’ব।
ইয়াৰ এসপ্তাহৰ পিছত ইংলেণ্ডে তেওঁলোকৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব, য’ত বুধবাৰে ১৭ জুনত ডালাছত গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত তেওঁলোকে ক্ৰয়েচিয়াৰ মুখামুখি হ’ব। ইয়াৰ পিছত ২৩ জুন মঙলবাৰে বষ্টনত ঘানাৰ বিৰুদ্ধে খেলাৰ পূৰ্বে, ২৭ জুন শনিবাৰে নিউ জাৰ্চীত পানামাৰ বিৰুদ্ধে খেলি দলটোৱে গ্ৰুপ পৰ্যায়ৰ খেলসমূহ সমাপ্ত কৰিব।
ইংলেণ্ডে শেষবাৰৰ বাবে ১৯৬৬ চনত নিজৰ মাটিত ৱেম্বলীত পশ্চিম জাৰ্মানীক ৪-২ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী আজুৰি আনিছিল। ইয়াৰ পিছত তেওঁলোকে ১৯৯০ আৰু ২০১৮ চনত দুবাৰকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে পাঁচবাৰকৈ কোৱাৰ্টাৰ ফাইনেল খেলিছে। আমেৰিকা আৰু মেক্সিকোৱে যুটীয়াভাৱে আয়োজন কৰা এই আগন্তুক প্ৰতিযোগিতাত ইংলেণ্ডে তেওঁলোকৰ ৬০ বছৰীয়া খৰাং অন্ত পেলাবলৈ লক্ষ্য ৰাখিব।
দল (Squad):
- গ’লকীপাৰ: ডীন হেণ্ডাৰছন, জৰ্ডান পিকফ’ৰ্ড, জেমছ ট্ৰেফ’ৰ্ড।
- ডিফেণ্ডাৰ: ডেন বাৰ্ন, মাৰ্ক গুৱেহি, ৰিচ জেমছ, এজ্ৰি কনছা, টিনো লিভ্ৰামেণ্টো, নিকো অ’ৰাইলি, জাৰেল কুয়ানছাহ, জেদ স্পেন্স, জন ষ্টোনছ।
- মিডফিল্ডাৰ: এলিয়ট এণ্ডাৰছন, জুড বেলিংহাম, এবিৰেচি ইজে, জৰ্ডান হেণ্ডাৰছন, কব্বি মাইনো, ডেক্লান ৰাইচ, মৰ্গান ৰজাৰ্ছ।
- ফৰৱাৰ্ড: এন্থনী গৰ্ডন, হেৰী কেন, ননি মাডুৱেকে, মাৰ্কাছ ৰাছফ’ৰ্ড, বুকাঅ’ ছাকা, ইভান টনী, অলি ৱাটকিন্স। – আইএএনএছ (IANS)
