এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স আৰু কাণ্টাৰ-ৰ যৌথ সহযোগত চলোৱা ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্স ষ্টাডীৰ পঞ্চম সংস্কৰণ (আইআৰআইএছ ৫.০) অনুসৰি, ভাৰতত ক্ৰমান্বয়ে বৰ্ধিত গড় আয়ুসে অৱসৰকালীন প্ৰস্তুতিৰ এক বৃহৎ নাটনি বা ব্যৱধান পোহৰলৈ আনিছে। ইয়াৰ ফলত চহৰীয়া ভাৰতীয়সকলৰ এক বুজন অংশই নিজৰ অৱসৰকালীন সঞ্চয় শেষ হৈ যোৱাৰ পাছতো জীয়াই থকাৰ বিত্তীয় আশংকাৰ সন্মুখীন হৈছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰতৰ অৱসৰ প্ৰস্তুতিৰ স্ক’ৰ ১০০ ৰ ভিতৰত মাত্ৰ ৪৮, যিয়ে মানুহৰ মাজত বৰ্ধিত সজাগতা থকাৰ পিছতো এক অপৰ্যাপ্ত দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনাকে সূচাইছে। এই অধ্যয়ন অনুসৰি, ৮৬ শতাংশ এম্পটি নেষ্টাৰ্ছ (যিসকল পিতৃ-মাতৃৰ সন্তান শিক্ষা বা চাকৰিৰ বাবে ঘৰৰ পৰা আঁতৰি থাকে) লোকসকলে অৱসৰৰ বাবে কিমান টকাৰ ভঁৰাল বা পুঁজি প্ৰয়োজন হ’ব সেই কথা জানে যদিও, তাৰে মাত্ৰ ৩৩ শতাংশইহে বিশ্বাস কৰে যে নিজৰ সঞ্চয়ে অৱসৰৰ পাছত ১০ বছৰতকৈ অধিক সময় দিব পাৰিব।
একেদৰে, ছেণ্ডউইচ জেনেৰেচন (যিসকলে একেলগে বৃদ্ধ পিতৃ-মাতৃ আৰু নিজৰ সন্তানৰ দুয়োৰে ভৰণ-পোষণৰ বোজা বহন কৰে) শ্ৰেণীটোৰ মাত্ৰ ৩৮ শতাংশ লোকেহে আশা কৰে যে অৱসৰকালীন সঞ্চয়ে ১০ বছৰতকৈ অধিক কাল চম্ভালিব পাৰিব। প্ৰতিবেদনখনত ইয়াকো প্ৰকাশ পাইছে যে ৭৭ শতাংশ চহৰীয়া ভাৰতীয়ই বিশ্বাস কৰে যে ১ কোটি টকা বা তাতকৈ কম টকাৰ পুঁজিয়েই অৱসৰ জীৱনৰ বাবে সম্পূৰ্ণ পৰ্যাপ্ত। কিন্তু ক্ৰমান্বয়ে বৰ্ধিত মুদ্ৰাস্ফীতি আৰু চিকিৎসা খৰচে সময়ৰ লগে লগে এই টকাৰ প্ৰকৃত ক্ৰয় ক্ষমতা বহুত কমাই পেলাব পাৰে। অৱসৰৰ পৰিকল্পনাৰ ক্ষেত্ৰত এতিয়াও ফিক্সড ডিপজিট(এফডি)ৰ দৰে পৰম্পৰাগত বিনিয়োগৰ মাধ্যমেৰে আধিপত্য বিস্তাৰ কৰি আছে, যদিও ৪৪ শতাংশ চহৰীয়া ভাৰতীয়ই বৰ্তমান মিউচুৱেল ফাণ্ড আৰু এছআইপি-ত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও, অৱসৰৰ পাছত এক স্থায়ী উপাৰ্জন লাভ কৰিবলৈ মানুহৰ মাজত নেচনেল পেঞ্চন চিষ্টেম (এনপিএছ) আৰু এনুয়িটীভিত্তিক অৱসৰকালীন সামগ্ৰীসমূহৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পোৱা বুলি অধ্যয়নটোত উল্লেখ কৰা হৈছে।
প্ৰতিবেদনখনৰ মতে, ২৪ শতাংশ চহৰীয়া ভাৰতীয়ই অৱসৰকালীন সঞ্চয়ৰ দিশত এইপৰ্যন্ত কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই, যিয়ে অচিৰে বিত্তীয় পৰিকল্পনা কৰাৰ প্ৰয়োজনীয়তাক প্ৰমাণ কৰে। ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে যে কম বয়সৰ পৰাই অৱসৰৰ বাবে বিনিয়োগ আৰম্ভ কৰিলে চক্ৰবৃদ্ধি সূতৰ সামৰ্থ্যৰ বলত মাহেকীয়া সঞ্চয়ৰ প্ৰয়োজনীয়তা বহুত কমি যায়। ই বিত্তীয় সুৰক্ষা নিশ্চিত কৰাৰ লগতে বৰ্ধিত আয়ুসৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহ সমাধান কৰাত সহায় কৰে।
