প্ৰচণ্ড বৰষুণে ধুৱাই নিছে প্ৰকৃতিৰ ৰাণী, ভাৰতৰ ভূ- স্বৰ্গ হিমাচল প্ৰদেশক। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাটাও ব্যস্ত এলেকাৰ বাট-পথত পানী জমা হৈছে।যাৰ বাবে জনজীৱনতো ব্যাপক প্ৰভাৱ পৰিছে। ৰাজ্যখনৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি এই বৰষুণ অনাগত কেইবাদিন ধৰি চলি থাকিব। সেয়ে ৰাজ্যখনৰ ৪খন জিলাত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।সতৰ্কবাণী জাৰি কৰা জিলা ৪খন হৈছে ক্ৰমে – বিলাসপুৰ, কাংগ্ৰা, মান্দি আৰু ছাৰমউৰ। এই সতৰ্কবাণী জাৰি কৰা জিলাকেইখনত ধাৰাসাৰ বৰষুণ, বিজুলী ঢেৰেকণিৰ লগতে মৃদু বতাহো বলিব পাৰে।
