দেহাৱসানৰ প্ৰায় দুবছৰ পাছত অৱশেষত আদালতত দোষমুক্ত হ’ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। বহু বিতৰ্কিত কয়লা কেলেংকাৰী গোচৰত বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰে। একে সময়তে তদন্তকাৰী সংস্থা চিবিআইয়ে ২০১৪ চনত দাখিল কৰা দুটা বন্ধ প্ৰতিবেদন নাকচ কৰাৰ ক্ষেত্ৰত নিম্ন আদালতৰ কোনো “শক্তিশালী কাৰণ” নাছিল বুলিও মন্তব্য কৰে শীৰ্ষ ন্যায়ালয়ে।
মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত তিনিজনীয়া খণ্ডপীঠে কয় যে, ড০ সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ ৰুজু কৰাৰ বাবে “পৰ্যাপ্ত উপাদান বা সন্তোষজনক ভিত্তি” পোৱা নাই। আদালতে উল্লেখ কৰে যে, ড০ সিঙৰ মৃত্যুৰ ফলত গোচৰটোৰ সমাপ্তি ঘটাব পৰা গ’লহেঁতেন যদিও চিবিআইৰ বন্ধ প্ৰতিবেদনসমূহ পুনৰ পৰ্যালোচনা কৰি দেখা যায় যে, সেই প্ৰতিবেদন নাকচ কৰাৰ ক্ষেত্ৰত বিশেষ ন্যায়াধীশৰ কোনো শক্তিশালী ভিত্তি নাই।
উল্লেখযোগ্য যে, ২০১৪ চনৰ ২৭ আগষ্ট আৰু ২১ অক্টোবৰ তাৰিখে চিবিআইয়ে ড০ মনমোহন সিঙক সম্পূৰ্ণৰূপে দায়মুক্ত কৰি বন্ধ প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু বিশেষ আদালতে সেই প্ৰতিবেদন নাকচ কৰি ২০১৫ চনৰ ১১ মাৰ্চত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক হাজিৰ হোৱাৰ চমন জাৰি কৰে। সৰ্বোচ্চ ন্যায়ালয়ে পৰৱৰ্তী সময়ত সেই চমনৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।
২০০৫ চনত ওড়িশাৰ তালাবিৰা-২ কয়লা খনি আবণ্টনক কেন্দ্ৰ কৰি ড০ সিং, শিল্পপতি কুমাৰ মংগলম বিৰলা, প্ৰাক্তন কয়লা সচিব পি চি পৰাখকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছিল। সেই সময়ত বিষয়টোক কেন্দ্ৰ কৰি ব্যাপক ৰাজনৈতিক বিতৰ্ক সৃষ্টি হৈছিল আৰু বিজেপি নেতৃত্বাধীন শিবিৰে বিষয়টোক মনমোহন সিঙৰ চৰকাৰৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।
ড০ মনমোহন সিঙে আৰম্ভণিৰে পৰা অভিযোগসমূহ অস্বীকাৰ কৰি আহিছিল। তেওঁ যুক্তি দিছিল যে, সংশ্লিষ্ট কয়লা খনি আবণ্টনৰ সিদ্ধান্তত কোনো অপৰাধমূলক উদ্দেশ্য নাছিল আৰু তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ আইনী অনুমোদনো গ্ৰহণ কৰা হোৱা নাছিল।
বুধবাৰে ৰায় ঘোষণা কৰি সৰ্বোচ্চ ন্যায়ালয়ে বিশেষ আদালতৰ আদেশ বাতিল কৰি গোচৰটোৰ সম্পূৰ্ণ সমাপ্তি ঘোষণা কৰে। এই ৰায়ে কয়লা কেলেংকাৰী বিতৰ্কত ড০ মনমোহন সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আইনীভাৱে অসাৰ বুলি স্পষ্ট কৰি দিয়ে।
