আকৌ আকাশত মৃত্যুৰ কিৰিলি! এইবাৰ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন অভিজ্ঞ বৈমানে। বৃহস্পতিবাৰে পুৱা প্ৰায় ১১:৫০ বজাত গোৱালটোলি থানাৰ অন্তৰ্গত নাথাপুৰৱা গাঁৱৰ সমীপত গংগা নদীৰ পাৰৰ এখন পথাৰত আচাৰ খাই পৰে চাৰিখন আসনযুক্ত ‘টেকনাম’ নামৰ দুই ইঞ্জিনবিশিষ্ট প্ৰশিক্ষণ বিমানখন।
গাৰ্গ এভিয়েচন ট্ৰেইনিং চেণ্টাৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে নিয়ন্ত্ৰণ হেৰুৱাই বিমানখন দুৰ্ঘটনাত পতিত হয়। নিহত পাইলট দুজনৰ এজন গুজৰাটৰ বাসিন্দা শচীন আৰু আনজন কৰ্ণাটকৰ অভিষেক পূজাৰী বুলি চিনাক্ত কৰা হৈছে। কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে দুয়োগৰাকী পাইলটৰ মৃত্যু নিশ্চিত কৰিছে। পাইলট শচীনৰ ৩,০০০ ঘণ্টাতকৈ অধিক সময় বিমান চলোৱাৰ অভিজ্ঞতা আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক অৱগত কৰা হৈছে। ডিজিচিএৰ এটা বিশেষ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কাৰিকৰী তদন্ত আৰম্ভ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শেহতীয়া মাহকেইটাত দেশত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে কানপুৰত সংঘটিত এই ঘটনাই পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে।
