কিস্তানৰ কৰাচীত স্বাধীনতা দিৱস উদযাপনৰ সময়ত আকাশী গুলীচালনা কৰা হয়। এই গুলীচালনাত এজন জ্যেষ্ঠ নাগৰিক আৰু এগৰাকী ৮ বছৰীয়া কিশোৰীকে ধৰি তিনিজন লোকৰ মৃত্যু হৈছে। এই গুলীচালনাত ৬০ জনতকৈ অধিক লোক আহত হোৱা বুলি কোৱা হৈছে। পাকিস্তানৰ এটা নিউজ চেনেলৰ মতে, উদ্ধাৰকাৰী বিষয়াই দিছে এই তথ্য।কৰাচীৰ বহু ঠাইত এই ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতে নাগৰিকসকলক নিৰাপদভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে বিষয়াসকলে।উদ্ধাৰকাৰী বিষয়াসকলে জনোৱা মতে, উদযাপনমূলক গুলীচালনাত কেইবা ডজন লোক আহত হৈছে। এই ঘটনাক গৰিহণা দি অসাৱধান আৰু বিপজ্জনক আখ্যা দিয়া হয়। নাগৰিকসকলক নিৰাপদভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে বিষয়াসকলে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আকাশী গুলীচালনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে আৰক্ষীয়ে। কোনো কাৰণতে তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলি উল্লেখ।
