বি টি আৰৰ নিৰ্বাচন সমাগত । ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বি টি আৰৰ নিৰ্বাচনৰ বাবে সাজু হৈছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ । নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতিৰ মাজতে বুধবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে বি টি আৰ নিৰ্বাচনৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা ।নিৰ্বাচন আয়োগে বুধবাৰে জাৰি কৰা বিবৃত্তি অনুসৰি বি টি চিৰ ৪০ টা পৰিষদীয় সমষ্টিত এইবাৰ ভোটাৰৰ সংখ্যা ২৬,৫৮,৪৭৭ গৰাকী । ইয়াৰে ১৩,২৩,৬৭৩ জন পুৰুষ আৰু ১৩,৩৪,৭৮৭ গৰাকী মহিলা আৰু ১৭ গৰাকী অন্যান্য । ৪০ টা পৰিষদীয় সমষ্টিত মুঠ ভোটকেন্দ্ৰ থাকিব ৩২৭৯ টা ।
