এজিএছ ট্ৰেনজেক্ট টেকন’লজিছ লিমিটেডৰ ডিজিটেল পেমেণ্ট ব্ৰেণ্ড অংগোৰ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সৈতে অংশীদাৰিত্ব

998

ডিজিটেল পেমেণ্ট ব্ৰেণ্ড অংগোৱে ভাৰতৰ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ সৈতে অংশীদাৰিত্ব কৰি অপেন-লুপ কোব্ৰেণ্ডেড প্ৰিপেইড কাৰ্ড মুকলি কৰিছে, যিয়ে সমগ্ৰ ভাৰততে ৰূপে নেটৱৰ্কৰ যিকোনো ডিভাইচত ব্যৱহাৰ কৰিব পাৰে।পতঞ্জলি-অংগো কোব্ৰেণ্ডেড কাৰ্ডে পতঞ্জলিৰ সামগ্ৰী ক্ৰয়ৰ বাবে ৰিৱাৰ্ড প্ৰদান কৰে আৰু শ্বপিং কৰা, খাদ্য গ্ৰহণ, ইন্ধন আৰু ই-কমাৰ্চৰ দৰে বিভিন্ন পেমেণ্ট পৰিশোধন বা লেনদেনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

এই কাৰ্ডখনত সমগ্ৰ দেশতে মেট্ৰ’, বাছ, টোল আৰু পাৰ্কিঙৰ দৰে ট্ৰেনজিট সেৱাৰ নিৰৱচ্ছিন্ন ব্যৱহাৰৰ বাবে এনচিএমচিৰ সুবিধাসমূহ সন্নিৱিষ্ট কৰা হৈছে। অংগো এপ বা পতঞ্জলি ষ্ট’ৰৰ জৰিয়তে এনৰোল কৰিব পাৰিব। আৰ বি আইৰ পৰা পি পি আই অনুজ্ঞাপত্ৰ লাভ কৰিছে অংগোৱে, যাৰ ফলত কাৰ্ড আৰু ৱালেটৰ দৰে অপেন-লুপ প্ৰিপেইড সঁজুলি লাভ কৰিব পাৰে।

এজিএছ ট্ৰেন্সজেক্ট টেকন’লজিছ লিমিটেডৰ অধ্যক্ষ তথা এমডি ৰবি বি গোৱেলে কয় যে, “পতঞ্জলিৰ বিস্তৃত গ্ৰাহক ভিত্তিক এই অংশীদাৰিত্বৰ জৰিয়তে আমি অতুলনীয় ৰূপত সুবিধা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছো, যিয়ে প্ৰতিটো লেনদেনতে নিৰৱচ্ছিন্ন দক্ষতা আৰু সহজভাৱে সম্পন্ন হোৱাটো নিশ্চিত কৰে। ইয়াৰ লগতে এই সহযোগিতাই গ্ৰাহকৰ গতিশীল জীৱনশৈলীৰ সৈতে খাপ খোৱা সুবিধাজনক সমাধানৰ দ্বাৰা শক্তিশালী কৰি গ্ৰাহকৰ পেমেণ্ট অভিজ্ঞতাক ৰূপান্তৰিত কৰাৰ আমাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিছে।”