অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত কেন্দ্ৰ চৌহদত কামৰূপ জিলাৰ কৃষকসকলৰ বাবে ১০ জুলাইত এখন কৃষি – ফ’ট’ভ’ল্টাইক সজাগতা কৰ্মশালা অনুষ্ঠিত হয় । উল্লেখ্য যে কৃষি-ফ’ট’ভ’ল্টাইক (Agri-Photovoltaic-APV) সজাগতা কৰ্মশালাখন এগ্ৰিকালচাৰ স্কিল কাউন্সিল অৱ ইণ্ডিয়া চমুকৈ এ এছ চি আইৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল । কৰ্মশালাখনৰ মূল লক্ষ্য আছিল সমগ্ৰ দেশজুৰি কৃষকসকলৰ মাজত কৃষি-ফ’ট’ভ’ল্টাইক ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে বহনক্ষম কৃষি উৎপাদন অব্যাহত ৰাখি অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি কৰা । আনহাতে কৰ্মশালাত কৃষকসকলক কৃষি-ফ’ট’ভ’ল্টাইক ব্যৱস্থাৰ ধাৰণা, প্ৰয়োগ, ব্যৱসায়িক মডেল আৰু ইয়াৰ বিভিন্ন সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰা হয়। কৃষি-ফ’ট’ভ’ল্টাইক চমুকৈ এ পি ভি প্ৰযুক্তিৰ জৰিয়তে একেখিনি কৃষিভূমিত একেলগে শস্য উৎপাদন আৰু সৌৰ শক্তি উৎপাদন সম্ভৱ হয়। ইয়াৰ ফলত কৃষকসকলে আয়ৰ উৎস বৈচিত্ৰ্যপূৰ্ণ কৰাৰ লগতে সম্পদৰ অধিক দক্ষ ব্যৱহাৰ, শক্তি ব্যয় হ্ৰাস আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লোৱাৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সৌৰ শক্তিৰ সুবিধা থকা মুঠ ৪০ জন অগ্ৰণী কৃষকে কৰ্মশালাত অংশগ্ৰহণ কৰে।অংশগ্ৰহণকাৰীসকলে কাৰিকৰী অধিৱেশনসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে কৃষি-ফ’ট’ভ’ল্টাইক ব্যৱস্থাৰ ব্যৱহাৰিক প্ৰয়োগ আৰু ইয়াৰ আৰ্থিক সম্ভাৱনাৰ ওপৰত ফলপ্ৰসূ আলোচনা কৰে। কৰ্মশালাত এ এছ চি আইৰ মহাপ্ৰবন্ধক অমৃত বৰা আৰু গুৰুগ্ৰামৰ মুখ্য কাৰ্যালয়ৰ উপ প্ৰবন্ধক আশুতোষ পাটিলে সমল ব্যক্তি হিচাপে উপস্থিত থাকি কৃষি-ফ’ট’ভ’ল্টাইক প্ৰযুক্তিৰ বিভিন্ন দিশ বিশেষকৈ ব্যৱস্থাৰ নক্সা, পৰিচালনা আৰু ৰক্ষণাবেক্ষণ, ব্যৱসায়িক সম্ভাৱনা, চৰকাৰী পদক্ষেপ আৰু বহনক্ষম তথা জলবায়ু-স্মাৰ্ট কৃষি ব্যৱস্থাত ইয়াৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডঃ সোণমইনা ভূঞাই উপস্থিত কৃষকসকলক আদৰণি জনায় ভাষণ প্ৰসংগত বহনক্ষম কৃষি উন্নয়ন আৰু কৃষকৰ জীৱন-জীৱিকাৰ মানদণ্ড উন্নয়নৰ ক্ষেত্ৰত নৱীকৰণযোগ্য শক্তিৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
কৰ্মশালাসহ সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডঃ ইলাক্ষী ডেকাই। ডঃ ডেকাই অসমৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি তুলিবলৈ কৃষি-ফ’ট’ভ’ল্টাইকৰ দৰে উদ্ভাৱনীমূলক প্ৰযুক্তি গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মত – বিনিময় কাৰ্যসূচীত উপস্থিত কৃষকসকলে এই পদক্ষেপৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ শলাগ লৈ কৃষি-ফ’ট’ভ’ল্টাইক ব্যৱস্থাক এক বহনক্ষম, লাভজনক আৰু ভৱিষ্যতমুখী কৃষি আৰ্হি হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰে।
