বহু প্ৰত্যাশিত ফুটবলৰ মহাৰণ ডুৰাণ্ড কাপক লৈ এতিয়া উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে উচ্ছ্বাস। অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়াৰ সৰ্বপ্ৰাচীন এই ফুটবল প্ৰতিযোগিতাক কেন্দ্ৰ কৰি আয়োজক ৰাজ্যসমূহত ব্যস্ততা তুংগত থকাৰ সময়তে শনিবাৰে মেঘালয়ে উষ্ম আদৰণি জনালে প্ৰতিযোগিতাখনৰ তিনিটা ঐতিহ্যমণ্ডিত ট্ৰফীক।
ট্ৰফীকেইটা শ্বিলঙত উপস্থিত হোৱাৰ লগে লগে মেঘালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ডুৰাণ্ড কাপৰ ট্ৰফী পৰিভ্ৰমণ কাৰ্যসূচী। অহা কেইদিনত শ্বিলঙৰ লগতে জোৱাই আৰু তুৰালৈও ট্ৰফীকেইটা লৈ যোৱা হ’ব। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে সাধাৰণ ৰাইজে ট্ৰফীকেইটা ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিব।
ৰাজ্যিক সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ট্ৰফী প্ৰদৰ্শনী আৰু শুভাৰম্ভ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৱাইলাডমিকি শ্বিল্লা, ১০১ এৰিয়াৰ জিঅ’চি লেফটেনেণ্ট জেনেৰেল মহিত ৱাধৱা, পূব বায়ু কমাণ্ডৰ জ্যেষ্ঠ বায়ু বিষয়া এয়াৰ মাৰ্শ্বাল দেৱেন্দ্ৰ পি হিৰাণী, আৰক্ষী সঞ্চালক প্ৰধান ইদাশিছা নংৰাং, ডুৰাণ্ড কাপ আয়োজক সমিতিৰ উপাধ্যক্ষ মেজৰ জেনেৰেল ডি কে সিং, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব ইছাৱাণ্ডা লালুৰ লগতে সেনা, অসামৰিক প্ৰশাসন আৰু অংশগ্ৰহণকাৰী দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
অনুষ্ঠানত মন্ত্ৰী ৱাইলাডমিকি শ্বিল্লাই কয়, মেঘালয়ত ফুটবল কেৱল এটা খেল নহয়, ৰাজ্যখনৰ পৰিচয় আৰু সংস্কৃতিৰো এক অবিচ্ছেদ্য অংশ। গাঁওৰ পৰা চহৰলৈ, বিদ্যালয়ৰ পৰা জিলালৈ ফুটবলে ৰাজ্যখনৰ যুৱ সমাজক একত্ৰিত কৰাৰ লগতে মেঘালয়লৈ বিশেষ সন্মান কঢ়িয়াই আনিছে।
ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু ডুৰাণ্ড কাপ আয়োজক সমিতিক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতে প্ৰতিযোগিতাখনৰ ফাইনেল মেচো মেঘালয়ত অনুষ্ঠিত কৰাৰ আশা ব্যক্ত কৰে।
ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে বিনিয়োগ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ২০২২ চনৰ পৰা ৰাজ্যখনত ১৪খনতকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বৰ্তমান প্ৰতি বছৰে ৩৫ হাজাৰতকৈ অধিক খেলুৱৈ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
মাওখনু ফুটবল ষ্টেডিয়াম নিৰ্মাণ, জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ আধুনিকীকৰণ আৰু অন্যান্য ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে মেঘালয়ক দেশৰ অন্যতম ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ কাম চলি আছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব ইছাৱাণ্ডা লালুৱে কয়, একেৰাহে তৃতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ আয়োজকৰ দায়িত্ব লাভ কৰাটোৱে মেঘালয়ৰ প্ৰশাসনিক দক্ষতা, ক্ৰীড়া আন্তঃগাঁথনি আৰু আয়োজক হিচাপে সক্ষমতাৰ ওপৰত আস্থা অধিক শক্তিশালী হোৱাৰেই প্ৰতিফলন।
২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ বাবে ১,৮০০ কোটি টকা ধাৰ্য কৰিছে। চলিত বিত্তীয় বৰ্ষত ক্ৰীড়া খণ্ডৰ বাবেও ৮৪৪ কোটি টকাৰ বাজেট আবণ্টন দিয়া হৈছে।
লেফটেনেণ্ট জেনেৰেল মহিত ৱাধৱাই কয়, ফুটবলৰ সমৃদ্ধ ঐতিহ্য আৰু ৰাজ্য চৰকাৰৰ সক্ৰিয় সহযোগিতাৰ বাবেই শ্বিলং ডুৰাণ্ড কাপৰ অন্যতম সফল আয়োজক ভেন্যু হিচাপে পৰিচিত হৈছে। মুখ্যমন্ত্ৰী কনৰাড কে সাংমাৰ ক্ৰীড়া উন্নয়নৰ প্ৰতি দায়বদ্ধতাকো প্ৰশংসা কৰে সেনা বিষয়াজনে।
এইবাৰৰ ডুৰাণ্ড কাপত মেঘালয়ৰ হৈ অংশগ্ৰহণ কৰিব শ্বিলং লাজং এফ চি, নংকছেহ এছ এছ এণ্ড চি চি আৰু লাংছনিং এফ চি। ২৫ জুলাইৰ পৰা ২৩ আগষ্টলৈকে পশ্চিমবংগ, ঝাৰখণ্ড, অসম, মণিপুৰ আৰু মেঘালয়ত অনুষ্ঠিত হ’ব ১৩৫ সংখ্যক ডুৰাণ্ড কাপ। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ মুঠ আঠখন মেচ অনুষ্ঠিত হ’ব।
