কেন্দ্ৰীয় চৰকাৰে সোমবাৰে সংসদত স্পষ্ট কৰি দিছে যে পেট্ৰ’লত বৰ্তমানৰ ২০% ইথানল মিশ্ৰণ (E20 ইন্ধন) তকৈ অধিক বৃদ্ধি কৰাৰ কোনো সিদ্ধান্ত এতিয়ালৈকে লোৱা হোৱা নাই। লগতে, বজাৰত বিশুদ্ধ পেট্ৰ’ল বা কম ইথানল যুক্ত পেট্ৰ’ল বিক্ৰী কৰাৰো কোনো পৰিকল্পনা চৰকাৰৰ নাই বুলি জানিবলৈ দিয়া হৈছে।পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়ে এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰে।
২০ শতাংশতকৈ অধিক ইথানল মিশ্ৰণৰ যিকোনো সিদ্ধান্ত বিতং বৈজ্ঞানিক অধ্যয়ন, পৰীক্ষা আৰু যান-বাহন নিৰ্মাতা তথা গৱেষণা প্ৰতিষ্ঠানসমূহৰ সৈতে আলোচনা কৰাৰ পিছতহে লোৱা হ’ব।একাংশ গ্ৰাহকে মাইলেজ কমা বুলি অভিযোগ কৰিছে। মন্ত্ৰীগৰাকীয়ে জনায় যে পুৰণি বাহনত মাইলেজ ৩-৫% হ্ৰাস পাব পাৰে, কিন্তু ই-২০ ইন্ধনে ইঞ্জিন পৰিষ্কাৰ ৰখাৰ লগতে উন্নত প্ৰদৰ্শন কৰে। মাইলেজ মূলতঃ গাড়ী চলোৱাৰ অভ্যাস আৰু তদাৰকৰ ওপৰত নিৰ্ভৰ কৰে।চৰকাৰে স্পষ্ট কৰিছে যে দেশজুৰি চলোৱা পৰীক্ষাত ই-২০ ইন্ধনৰ বাবে বাহনৰ ইঞ্জিন বেয়া হোৱাৰ কোনো সঠিক প্ৰমাণ পোৱা হোৱা নাই।
বজাৰত কম ইথানলযুক্ত পেট্ৰ’লৰ বাবে সুকীয়া যোগান শৃংখল বজাই ৰাখিলে পৰিবহণৰ ব্যয় বৃদ্ধি পাব। ইয়াৰ ফলত পৰিৱেশ আৰু কৃষকৰ যি লাভ হৈছে, সেয়া বাধাগ্ৰস্ত হ’ব পাৰে। এই ইথানল কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ ১.৯৭ লাখ কোটি টকাৰ বিদেশী মুদ্ৰা ৰাহি হৈছে, প্ৰায় ৯৫২ লাখ টন কাৰ্বন ডাই-অক্সাইড নিৰ্গমন ৰোধ হৈছে আৰু কৃষকসকলে ১.৬৬ লাখ কোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
