সদৌ নামনি আৰু মধ্য অসম মটৰ মালিক-মটৰ শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে শুকুৰবাৰৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে । গুৱাহাটী মহানগৰীত আজি পুৱাৰ ভাগত গাড়ী-মটৰৰ চলাচল প্ৰায় বন্ধ আছিল যদিও এই বন্ধ প্ৰত্যাহাৰ হোৱা বুলি প্ৰচাৰ হোৱাৰ পিছত যান-বাহনৰ চলাচল স্বাভাৱিক হৈ পৰে ।বৃহস্পতিবাৰে নিশা সদৌ নামনি আৰু মধ্য অসম মটৰ মালিক-মটৰ শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে এই বন্ধ কাৰ্যসূচী প্ৰত্য়াহাৰৰ কথা ঘোষণা কৰে যদিও পুৱা গুৱাহাটী মহানগৰীত যান-বাহন চলাচল তেনেই সেৰেঙা আছিল । ৰাজ্যৰ আন ঠাইটো একেই ছবি দেখিবলৈ পোৱা গৈছে ।
