জুহুত টাইগাৰ শ্ৰফৰ ওপৰত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে লৰেন্স বিষ্ণৈ গোটে । গোটটোৰ প্ৰতিনিধি অনিল পণ্ডিতে এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, তেওঁলোকে টাইগাৰ শ্ৰফক ইতিমধ্যেই সকীয়নি দিছিল, কিন্তু তেওঁ শুনা নাছিল ৷ সেয়েহে তেওঁলোকে এনে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছিল ।অনিল পণ্ডিতে সকীয়াই দিয়ে যে, তেওঁলোকে বলীউডৰ অভিনেতা ছলমান খানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা কোনো লোককে ৰেহাই নিদিয়ে ।বিষ্ণৈ গোটে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে, “জয় মহাকাল… জয় শ্ৰী ৰাম…সকলো ভাই-ভনীলৈ শুভেচ্ছা । আমি অনিল পণ্ডিত আৰু হৰমন সন্ধুৱে, আজি টাইগাৰ শ্ৰফৰ লগত ঘটা কাণ্ডৰ দায়িত্ব লৈছোঁ । আমি ফোন কৰি সকীয়াই দিছিলোঁ, কিন্তু তেওঁ বুজি নাপালে । সেয়ে আজি আমি তেওঁক অধিক শক্তিশালী ৰূপত বুজাই দিলোঁ । মুম্বাই চলচ্চিত্ৰ জগতৰ যিকোনো ব্যক্তি, যিয়ে আমাৰ কথা নুশুনে বা ছলমান খানৰ সৈতে কাম কৰে তেওঁ পৰৱৰ্তী লক্ষ্য হ’ব । ৰওক আৰু চাই যাওক ।”দেওবাৰে সন্ধিয়া মুম্বাইৰ জুহু অঞ্চলত টাইগাৰ শ্ৰফৰ গাড়ীত মটৰ চাইকেলত অহা তিনিজন লোকে গুলীচালনা কৰে । ঘটনাত অভিনেতাজনৰ ড্ৰাইভাৰ আৰু এজন অ’টৱালা আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱীছে আৰক্ষী আয়ুক্তক তৎকালীনভাৱে বিষয়টোৰ তদন্ত কৰি দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।
