হাৰিয়ানাৰ আম্বালাৰ ধুলকোটত নিৰ্মাণৰত তিনি মহলীয়া বিল্ডিং ভাঙি ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক আহত হয় ৷ ধ্বংসাৱশেষৰ তলত এতিয়াও বহু শ্ৰমিকক আৱদ্ধ হৈ আছে ৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে জেচিবিৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ লোকক উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷এজন প্ৰত্যক্ষদৰ্শীয়ে ঘটনাৰ বিশদ বিৱৰণ দি কয়, “তেওঁলোকে প্ৰথমে সকলো দেৱাল ৪ ইঞ্চি ডাঠকৈ নিৰ্মাণ কৰিছিল ৷ ছাদ ঢালি শুকাবলৈ সময় নিদিলে ৷ আজি তৃতীয় মহলাৰ বাবে ছাদ ঢলাৰ সময়তো বিল্ডিঙটো তিতি আছিল, যাৰ ফলত এই বৃহৎ দুৰ্ঘটনাটো সংঘটিত হয় ৷”জানিবলৈ দিয়া অনুসৰি, আহত ১২ জন শ্ৰমিকক ততাতৈয়াকৈ আম্বালা চহৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় ৷ তেওঁলোকৰ ৭ জন শ্ৰমিকক প্ৰাথমিক চিকিৎসাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয় আৰু আন ৫ জন শ্ৰমিক বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ চিকিৎসালয় প্ৰশাসনে জনাইছে যে তেওঁলোকৰ দল সষ্টম হৈ আছে আৰু আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ অনাৰ লগে লগে চিকিৎসা প্ৰদান কৰা হ’ব ৷
