বৰষুণ দিলেই ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিব লাগে গুৱাহাটীৰ পাহাৰত বসবাস কৰা আৰু পাহাৰৰ নামনিত বসবাস কৰা লোক ৷ কিয়নো নেৰেনেপেৰা বৰষুণ দিলেই ভূমিস্খলনৰ আকাংশই আতংকিত কৰি তোলে মহানগৰীৰ পাহাৰৰ বাসিন্দা আৰু পাহাৰৰ নামনিত বাস কৰা লোকসকলক ।যধে-মধে পাহাৰ কটা, বনাঞ্চল ধ্বংসৰ ফলত মহানগৰীৰ পাহাৰীয়া অঞ্চলসমূহ ক্ৰমাৎ অধিক বিপজ্জনক হৈ পৰিছে । যাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সমীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷গুৱাহাটীৰ ৩৬৬ টা স্থান ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে । ইয়াৰে ভূমিস্খলন প্ৰৱণতা অঞ্চলসমূহৰ শীৰ্ষত আছে খাৰঘুলি অঞ্চল । খাৰঘুলি অঞ্চলৰ ৭৭ টাকৈ স্থান ভূমিস্খলনৰ সম্ভাৱনা আছে ৷একেদৰেই নুনমাটি অঞ্চলত ৪০ টা, নাৰেংগী আৰু মঠঘৰীয়া অঞ্চলত ৩৭ টা, খানাপাৰত ৩৩টা, মলিগাঁৱত ৩১ টা, জালুকবাৰী- লংকেশ্বৰত ৩০টা, কাহিলীপাৰাত ২৫ টা ভূমিস্খলন প্ৰৱণ এলেকাৰূপে চিনাক্ত কৰিছে প্ৰশাসনে ৷ ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত হোৱাৰ তথ্যই মহানগৰীৰ বিপদৰ গভীৰতা অধিক স্পষ্ট কৰিছে ।শেহতীয়াকৈ গুৱাহাটীৰ মঠঘৰীয়াৰ লক্ষ্মীমন্দিৰৰ পাহাৰত সংঘটিত ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰ তিনিজন লোক আৰু সাতগাঁৱৰ ১ নং তালতলাত এগৰাকী মহিলাই কৰুণ মৃত্যু হৈছিল । আনহাতে পৰৱৰ্তী সময়ত নাৰেংগীৰ কমলাবাগান সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৫ জনীয়া আন এটা পৰিয়াল ।
