ট্ৰাম্প প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অধিকাৰ নাইকীয়া কৰিছে। ইয়াৰ বাবেই আমেৰিকাৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়খনত প্ৰতিবাদ আৰম্ভ হৈছে। আমেৰিকাৰ গৃহ নিৰাপত্তা সচিব ক্ৰীষ্টি ন’মে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে আইন মানি চলাত ব্যৰ্থ হোৱাৰ বাবে প্ৰশাসনে হাৰ্ভাৰ্ডৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰৰ নামভৰ্তি কাৰ্যসূচী স্থগিত ৰাখিছে।
বৃহস্পতিবাৰে পোষ্টটোত তেওঁ লিখিছে যে সমগ্ৰ দেশৰ সকলো বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ বাবে এইটো এটা সতৰ্কবাণী। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এক বিবৃতিত এই পদক্ষেপক অবৈধ বুলি অভিহিত কৰিছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আমি আমাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু পণ্ডিতসকলক নামভৰ্তি কৰাৰ ক্ষমতা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো, যিসকলে ১৪০খনতকৈও অধিক দেশৰ পৰা ইয়ালৈ আহি বিশ্ববিদ্যালয়খন আৰু এই জাতিটোক চহকী কৰি তুলিছে।
বিশ্ববিদ্যালয়খনে কয় যে আমি আমাৰ সম্প্ৰদায়ৰ সদস্যসকলৰ পৰা নিৰ্দেশনা আৰু সমৰ্থন সংগ্ৰহৰ বাবে দ্ৰুতভাৱে কাম কৰি আছো। এই প্ৰতিশোধমূলক কাৰ্য্যই হাৰ্ভাৰ্ড সম্প্ৰদায় আৰু আমাৰ দেশৰ গুৰুতৰ ক্ষতি কৰাৰ ভাবুকি দিছে। ই হাৰ্ভাৰ্ডৰ শৈক্ষিক আৰু গৱেষণা অভিযানকো ক্ষতিগ্ৰস্ত কৰিছে।
