আজিকালি অধিকাংশ লোকৰে এটা সাধাৰণ সমস্যা হৈছে চুলি সৰাৰ সমস্যা। যিয়ে কেৱল সৌন্দৰ্যই নহয়, আত্মবিশ্বাসকো যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে। ডাঠ, ক’লা আৰু শক্তিশালী চুলি সকলোৰে কাম্য। কিন্তু অস্বাস্থ্যকৰ জীৱনশৈলী, প্ৰদূষণ, চাপ আৰু ৰাসায়নিক সামগ্ৰীৰ প্ৰভাৱৰ ফলত চুলিৰ স্বাস্থ্যৰ অভাৱনীয় হাৰত অৱনতি ঘটে। চুলিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বহুতেই নামী-দামী ছেম্পু, তেল আদি ব্যৱহাৰ কৰে যদিও ইয়াৰ সুফল লাভ নকৰে। এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে কিছুমান ঘৰুৱা প্ৰতিকাৰে। হয়, চুলিৰ সমস্যা সমাধানত আপোনাক সহায় কৰিব পাৰে আপোনাৰ ঘৰত থকা মধুৰিআমৰ গছজোপাই। মধুৰিআম পাতত থকা পুষ্টিয়ে চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলি সৰাৰ সমস্যা হ্ৰাস কৰে।মধুৰিআম পাতত ভিটামিন বি আৰু চি সমৃদ্ধ, যিয়ে গুৰিৰ পৰা চুলিক পুষ্টি প্ৰদান কৰে। সেইবোৰৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰে ।
