নেচলে ইণ্ডিয়াৰ বায়’ডাইজেষ্টাৰ প্ৰকল্পৰ জৰিয়তে বহনক্ষম দুগ্ধ পদ্ধতিৰ প্ৰসাৰ

329

নেচলে ইণ্ডিয়াই দায়িত্বশীল আৰু বিশ্বাসযোগ্য উৎসৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি গৰুৰ গোবৰক নিষ্কাষণ কৰি জৈৱ গেছলৈ ৰূপান্তৰিত কৰি দুগ্ধ পামৰ পৰা নিৰ্গমন হ্ৰাস কৰাৰ বাবে ‘বায়’ডাইজেষ্টাৰ প্ৰকল্প’ৰ ৰূপায়ণ কৰিছে। গেছলৈ ৰূপান্তৰৰ পিছত বাকী থকা গোবৰখিনি প্ৰাকৃতিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়, যিয়ে কৃষিভূমিত পুনৰুত্পাদনশীল কৃষি পদ্ধতিত অৰিহণা যোগায়।  এই পদক্ষেপৰ অংশ হিচাপে নেচলে ইণ্ডিয়াই সমগ্ৰ পঞ্জাৱ আৰু হাৰিয়ানাৰ ২৪খন জিলাত প্ৰায় ৭০টা বৃহৎ বায়’ডাইজেষ্টাৰ আৰু ৩,০০০ৰো অধিক ক্ষুদ্ৰ বায়’ডাইজেষ্টাৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছে।

ভাৰতৰ ক্ষুদ্ৰ দুগ্ধ পামবোৰে জৈৱ ডাইজেষ্টাৰ ব্যৱহাৰ কৰি এক নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে জৈৱ গেছক গুৰুত্ব প্ৰদানেৰে জিএইচজি নিৰ্গমন হ্ৰাস কৰিছে। গোবৰৰ এই জৈৱসাৰ ব্যৱহাৰৰ ফলত মাইক্ৰ’বিয়েল ব্ৰেকডাউনৰৰ ফলত জৈৱ গেছ উৎপন্ন হয়, যি এলপিজি আৰু কাঠৰ ইন্ধনৰ স্থান ল’ব পাৰে। এনে কৰিলে স্বাস্থ্যৰ বিপদাশংকা হ্ৰাস কৰাৰ লগতে তাৎক্ষণিক বিত্তীয় লাভালাভ প্ৰদান কৰে। বৃহৎ জৈৱ ডাইজেষ্টাৰে ১০০% নৱীকৰণযোগ্য বিদ্যুৎ উৎপাদন কৰিব পাৰে, যি পৰিৱেশক ইতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে আৰু বৰঙণি যোগায়। অৱশিষ্ট গোবৰক জৈৱ সাৰলৈ ৰূপান্তৰিত কৰা হয় আৰু খেতি পথাৰ আৰু ঘৰৰ ক্ষুদ্ৰ বাগিচাত ব্যৱহাৰ কৰা হয়। নেষ্টলে ইণ্ডিয়াই দুগ্ধ অৰ্থনীতি শক্তি কৰিবলৈ, কাৰ্বন পৃথকীকৰণত উদগনি দিবলৈ আৰু নিম্ন-নিৰ্গমন খাদ্য প্ৰদান কৰিবলৈ প্ৰায় ৮০,০০০ দুগ্ধ খেতিয়কক জড়িত কৰিছে। এই প্ৰচেষ্টাই কেৱল বহনক্ষম জীৱিকাক সুৰক্ষিত কৰাই নহয় লগতে দুগ্ধপামৰ পৰা জিএইচজি নিৰ্গমন হ্ৰাস কৰিছে।

এই পদক্ষেপৰ বিষয়ে নিজৰ উৎসাহ ব্যক্ত কৰি নেচলে ইণ্ডিয়াৰ কৰ্প’ৰেট পৰিক্ৰমা আৰু বহনক্ষমতা বিভাগৰ সঞ্চালক সঞ্জয় খাজুৰিয়াই কয় যে, “নেচলে ইণ্ডিয়াৰ বায়’ডাইজেষ্টাৰ প্ৰকল্পটো হৈছে বহনক্ষমতা, সম্পদৰ অনুকূলন আৰু পুনৰুত্পাদনশীল কৃষিৰ ওপৰত ভাৰতৰ কৌশলগত অগ্ৰাধিকাৰৰ সৈতে আমাৰ প্ৰচেষ্টাসমূহ কেনেদৰে মিল আছে তাৰ এক জ্বলন্ত আৰু ইকিবাচক প্ৰমাণ।”