নেপালৰ বানত এইপৰ্যন্ত ৬০০ জনৰ মৃত্যু হোৱাৰ লগতে ২৫০০জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যম এক্সত এই তথ্য সদৰী কৰে ৷

সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এতিয়ালৈকে আমি অসমৰ পৰা নেপালত নিৰুদ্দেশ হোৱা ১২ জন লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি নিৰাপদে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ৷”নেপালত সন্ধানহীন অসমৰ ১২ জন লোক
নাম, ঠিকনাসহ তালিকা প্রকাশ ৰাজ্যিক প্রশমন বিভাগৰ—

১.ঋতুপর্ণ ব্রহ্ম –
কাৰ্বি আংলং জিলাৰ
২.মন্ত্ৰী বসুমতাৰী –
কাৰ্বি আংলং জিলাৰ
৩.সোণেশ্বৰ নাৰ্জাৰী –
কাৰ্বি আংলং জিলাৰ
৪.ৰাহুল দৈমাৰী –
গোলাঘাট
৫.শতদল নাথ –
হোজাই
৬.পংকজ নেওগ –
কামৰূপ মহানগৰ
৭.পংকজ বর্মন –
নলবাৰী
৮.অৰুণ মহন্ত –
নলবাৰী
৯.সমৰ বেজবৰুৱা-
নলবাৰী
১০.ড০ দিপালী সৰকাৰ-
কামৰূপ মহানগৰ
১১.মানস কুমাৰ ঘোষ-
কামৰূপ মহানগৰ
১২.ড০ তীর্থ চলিহা-
নলবাৰী
