তিব্বতৰ পৰা নামি অহা ভোটেকোশী নৈৰ বাঢ়নী পানীয়ে নেপাল-চীন সীমান্তৰ ৰাছুৱা জিলাৰ টাইমুৰে আৰু ছাইপ্ৰুবেছি অঞ্চলত ব্যাপক ধ্বংসলীলা চলায় । নেপালৰ এই দুৰ্যোগৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্নজনে । ভাৰতে সকলো ধৰণে নেপালক সহায় আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰিছে ।প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰিছে ৷ এক্সত এটা পোষ্টত মোদীয়ে লিখে, ‘‘প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতি নেপালত হোৱা বানপানীৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিলোঁ । এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণে নেপালত থকা ভাতৃ-ভগ্নীসকলৰ সৈতে সংহতিৰে থিয় দিছে । ভাৰতে নেপালক সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু । আমাৰ দলসমূহে উদ্ধাৰ আৰু সাহায্যৰ ক্ষেত্ৰত ঘনিষ্ঠ সমন্বয় সাধন কৰি আছে ।’’
