মণিপুৰৰ কামজং জিলাত বৃহস্পতিবাৰে সন্ধিয়া সন্দেহযুক্ত NSCN-IMৰ কেডাৰে সংঘটিত কৰা এক এম্বুশ্বত এগৰাকী মহিলা নিহত হোৱাৰ লগতে তেওঁৰ স্বামী গুৰুতৰভাৱে গুলীবিদ্ধ হয় । আনহাতে, ঘটনাৰ পিছৰে পৰা আন দুজন লোক সন্ধানহীন হৈ আছে ।এই আক্ৰমণত হাটনেইকিম হাওকিপ নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে । তেওঁৰ স্বামী জামখংগাম হাওকিপ গুৰুতৰভাৱে গুলীবিদ্ধ হয় । আন দুজন লোকৰ বৰ্তমানলৈকে কোনো সন্ধান পোৱা হোৱা নাই ।ঘটনাটোক তীব্ৰ গৰিহণা দি কুকি-জো কাউন্সিলে ইয়াৰ তাৎক্ষণিক আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে । লগতে আক্ৰমণৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দোষীক জবাবদিহি কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে ।কুকি-জো কাউন্সিল (KZC)-এ ১৬ অক্টোবৰত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত চাৰিজন কুকি-জো নাগৰিকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্যে দুচকীয়া বাহনেৰে মলভাইলুপৰ পৰা ফাইকোহ অভিমুখে গৈ আছিল । সেই সময়তে মলভাইলুপ আৰু ফাইকোহৰ মাজৰ পথছোৱাত তেওঁলোক সন্দেহজনক NSCN-IMৰ কেডাৰৰ আক্ৰমণৰ সন্মুখীন হয় ।
