১৫ বছৰে ক্ষমতাত থকা শ্বেখ হাছিনাই যোৱা বছৰৰ আগষ্ট মাহত গণ প্ৰতিবাদৰ পিছত পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছিল। তাৰ পিছত তেওঁৰ দল আৱামি লীগক অন্তৱৰ্তীকালীন প্ৰশাসনে নিষিদ্ধ কৰে আৰু নিৰ্বাচন আয়োগে ইয়াৰ পঞ্জীয়ন বাতিল কৰে।
যাৰ ফলত নিষেধাজ্ঞা উঠাই নিদিয়ালৈকে ভৱিষ্যতৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আহি পৰে।বাংলাদেশৰ অন্তৱৰ্তীকালীন মুখ্য উপদেষ্টা তথা শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে মঙলবাৰে ঘোষণা কৰে যে পবিত্ৰ ৰমজান মাহৰ পূৰ্বেই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব।
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাত কৰা গণবিদ্ৰোহৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যিক টেলিভিছন, বিটিভি আৰু ৰেডিঅ’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি এই ঘোষণা কৰে ইউনুছে।
