বিগত কিছুদিন ধৰি মাজে সময়ে হৈ থকা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ বহু অঞ্চল বানৰ কৱলত পৰাৰ লগতে ঠাইবিশেষে ভূমিস্খলন হোৱাৰো খবৰ পোৱা গৈছে। আনকি কৃত্ৰিম বানপানীৰ লগতে বিগত সপ্তাহত পানীখাইতি, মালিগাঁৱত হোৱা ভূমিস্খলনৰ বাবে কেবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ – দুৱাৰকে ধৰি সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে। আনহাতে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ লগতে পৌৰ নিগম এলেকাৰ ১২ আৰু ১৩ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত আদিংগিৰি পাহাৰ আৰু দাঁতি কাষৰীয়া ফটাশিল অঞ্চলৰ কিছু কিছু ঠাইত ভূমিস্খলনত ক্ষতিগ্ৰস্ত হয়।
আনহাতে ৪ জুনত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা দুয়োটা ৱাৰ্ডৰ বৃহত্তৰ আদিংগিৰি অঞ্চলৰ মিঠা আমৰতল, কৃষ্ণনগৰ , বকুলতল, কল্যাণ নগৰ, ফটাশিল আমবাৰী হাইস্কুল আদি পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শন কালত বিধায়ক গৰাকীক সংগ দিয়ে ১২ আৰু ১৩ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ক্ৰমে – দীপাংকৰ বৈশ্য আৰু পূৰবী তালুকদাৰ , অগপ দলৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়াৰ উপৰিও বাবু শৰ্মা, মুকুট কলিতাই।
আনহাতে পৰিদৰ্শন কালত আদিংগিৰি অঞ্চলত হোৱা ক্ষতিগ্ৰস্ত হোৱা অংশসমুহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ জৰিয়তে লাট মণ্ডলৰ দ্বাৰা চৰজমিন তদন্ত কৰা হব আশ্বাস প্ৰদান কৰে। একেদৰে ফটাশিল আমবাৰী হাইস্কুলত ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা প্ৰস্ৰাৱগাৰ চাৰিটা অস্থায়ীভাৱে মেৰামতি কৰি ব্যৱহাৰৰ উপযোগী কৰাৰ লগতে স্থায়ীভাবে মেৰামতি কৰাৰ বাবে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা এক লাখ টকা শীঘ্ৰেই প্ৰদান কৰা হব বুলি ঘোষণা কৰে।
