চিকিৎসা বিজ্ঞানৰ সপোন বুকুত বান্ধি আগবাঢ়ি যোৱা এগৰাকী ছাত্ৰীৰ যাত্ৰা শেষ হ’ল চৰম দুখবোধেৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল আৰু খেলিমেলিৰ বাতৰিয়ে সৃষ্টি কৰা মানসিক অৱসাদ সহ্য কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে ১৮ বছৰীয়া এগৰাকী ছাত্ৰীয়ে। মধ্যপ্ৰদেশৰ মাউগঞ্জ জিলাৰ মগনীয়া গাঁৱৰ আকাংক্ষা চতুৰ্বেদী নামৰ এই ছাত্ৰীগৰাকীৰ আত্মহননৰ ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নাগপুৰৰ এটা কোচিং প্ৰতিষ্ঠানত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা আকাংক্ষাক যোৱা ২০ মে’ত নিজ কক্ষতে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। শেহতীয়াকৈ পৰিয়ালৰ লোকে উদ্ধাৰ কৰা ছাত্ৰীগৰাকীৰ এখন হস্তলিখিত পত্ৰই এতিয়া পোহৰলৈ আনিছে তেওঁৰ অন্তিম সময়ৰ মানসিক যন্ত্ৰণাৰ কথা। পত্ৰখনত পিতৃ-মাতৃৰ উদ্দেশ্যে তেওঁ লিখিছিল, “মা আৰু দেউতা, আপোনালোকে বিশ্বাস কৰিছিল যে আপোনালোকৰ জীয়ৰীয়ে কঠোৰ অধ্যয়ন কৰি চিকিৎসক হ’ব, কিন্তু মোৰ এতিয়া পুনৰ এই পৰীক্ষাত বহাৰ সাহস নাই। প্ৰথম প্ৰচেষ্টাত মই ভাল নম্বৰ পাইছিলোঁ, কিন্তু এতিয়া পুনৰ যে ভাল ফল দেখুৱাব পাৰিম, তাৰ কোনো নিশ্চয়তা নাই।”
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, আকাংক্ষাৰ পিতৃ কৃষ্ণ কুমাৰ চৌবে এজন দৰিদ্ৰ কৃষক। জীয়ৰীক চিকিৎসক কৰাৰ সপোন বুকুত বান্ধি তেওঁ কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে প্ৰায় ৩ লাখ টকা ঋণ লোৱাৰ উপৰিও আত্মীয়ৰ পৰাও আৰ্থিক সহায় লৈছিল। আনকি জীয়ৰীৰ পঢ়া-শুনা আৰু কোচিং ফীজৰ খৰচ যোগাবলৈ তেওঁ নিজে নাগপুৰত ৰান্ধনী হিচাপেও কাম কৰিছিল। পৰীক্ষা দি অহাৰ পিছত ছাত্ৰীগৰাকীয়ে ৬৫০ তকৈও অধিক নম্বৰ লাভ কৰিব বুলি আশাবাদী আছিল যদিও প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কই তেওঁক গভীৰ মানসিক আঘাত দিয়ে আৰু অৱশেষত তেওঁ এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
