ভাৰতৰ মুক্ত বাণিজ্য চুক্তি (FTA) সমূহৰ সুবিধা লৈ মেঘালয়ে কৃষক, শিল্পী আৰু উদ্যোগীসকলক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিছে।
ৰপ্তানিৰ বাবে প্ৰস্তুতি, বজাৰৰ সুবিধা আৰু ব্যৱসায়িক সুযোগ বৃদ্ধিৰ বাবে বৃহস্পতিবাৰে শ্বিলঙত এখন ৰাজ্যিক পৰ্যায়ৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।
উপ-মুখ্যমন্ত্ৰী স্নিয়াওভালাং ধৰে শাক-পাচলি, মছলা, আদা, হালধি, আনাৰস, মৌ, বাঁহ, হস্ততাঁত আৰু হস্তশিল্পৰ ৰপ্তানিৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।
বিশ্ব বজাৰত নিজৰ পৰিধি বৃদ্ধি কৰিবলৈ ভাৰতৰ বাণিজ্যিক চুক্তি আৰু চৰকাৰী সহায়ক আঁচনিসমূহৰ সুবিধা ল’বলৈ স্থানীয় ব্যৱসায়ীসকলক আহ্বান জনায় ধৰে।
কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব কপিল চৌধুৰীয়ে ৰপ্তানি পৰিকল্পনা, লজিষ্টিক আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ বিদেশৰ বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ চৰকাৰী সহায়ৰ সুবিধা ল’বলৈ ব্যৱসায়ীসকলক উৎসাহিত কৰে।
মেঘালয় চৰকাৰ, কেন্দ্ৰীয় বাণিজ্য বিভাগ আৰু বৈদেশিক বাণিজ্য সঞ্চালকালয়ে যৌথভাৱে এই কাৰ্যসূচীৰ আয়োজন কৰিছিল।
ইয়াৰ উদ্দেশ্য আছিল ৰপ্তানিকাৰক আৰু উদ্যোগীসকলক বাণিজ্যিক চুক্তি, ৰপ্তানি প্ৰসাৰ আঁচনি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ পদ্ধতিৰ বিষয়ে অৱগত কৰা।
