২০২৬ ৰ ফ্ৰেন্স অ’পেনত এক তাৰকাময় প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰে পোলেণ্ডৰ ২৪ বছৰীয়া টেনিছ খেলুৱৈ মাজা ছৱালিন্সকাই। মহিলা একক ছেমি ফাইনেলত ৰাছিয়াৰ ডায়েনা শ্বনাইডাৰক ৭-৬(৪), ৬-৪ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ সৈতে ৰ’লেণ্ড গাৰোছ (ফ্ৰেঞ্চ অ’পেন)ৰ ইতিহাসত মহিলাৰ একক ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী কোৱালিফায়াৰ হিচাপে পৰিগণিত হয়। বিশ্বৰ ১১৪ নম্বৰ স্থানত থকা ছৱালিন্সকাই এই প্ৰতিযোগিতাত এতিয়ালৈকে মুঠ ৯খন মেচত জয়লাভ কৰিছে। ইয়াৰ ভিতৰত আছে কোৱালিফাইং ৰাউণ্ডত তিনিখন মেচ আৰু মূল ড্ৰ’ত ৬খন মেচ।
তেওঁৰ এই কৃতিত্বই তেওঁক অ’পেন ইৰাত গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰা একমাত্ৰ দ্বিতীয়খন কোৱালিফায়াৰ হিচাপে পৰিগণিত কৰিছে। ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ এমা ৰাডুকানুৱে ২০২১ চনৰ ইউ এছ অ’পেনত এই কৃতিত্ব অৰ্জন কৰিছিল, য’ত তেওঁৱে খিতাপ দখল কৰিছিল।ছেমি ফাইনেলত ছৱালিন্সকাই নিজৰ সুন্দৰ খেলেৰে সকলোকে আপ্লুত কৰে। শ্বনাইডাৰৰ ওপৰত হেঁচা ৰাখি তেওঁ অহৰহ নিজৰ স্পিন, স্পীড আৰু শ্বটৰ দিশৰ পৰিৱৰ্তন ঘটাইছিল। তেওঁৰ উৎকৃষ্ট ফিটনেছ, দ্ৰুত গতিবিধি আৰু শক্তিশালী ডিফেন্সে জয়ত মূল ভূমিকা পালন কৰিছিল। ছেমি ফাইনেলত ছোৱালিন্সকা আৰু শ্বনাইডাৰৰ মাজত অনুষ্ঠিত হোৱা এই খেলখন দুঘণ্টা দহ মিনিট ধৰি চলে।
খিতাপৰ খেলখনত অষ্টম ছিড মিৰা আন্দ্ৰেভাৰ মুখামুখি হ’ব ছৱালিন্সকা। এইখন হ’ব দুয়োগৰাকী খেলুৱৈৰ প্ৰথমখন মুখামুখি। ফাইনেল খেলখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে। ছৱালিন্সকাই কয়-মই ইতিমধ্যে ইয়াত ৯খন মেচ খেলিছো, গতিকে ক’ৰ্টৰ অৱস্থাৰ বিষয়ে মোৰ ভাল বুজাবুজি আছে। মই মীৰাকো খেলা দেখিছো, আৰু তাই সুন্দৰ খেলি আছে। মোৰ বাবে এইটো এটা ডাঙৰ সুযোগ, আৰু মই ফাইনেলত মোৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিম।
