যদি আপুনি ঘৰুৱা ব্যৱহাৰৰ বাবে এলপিজি (LPG) চিলিণ্ডাৰ ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী নিয়ম অনুসৰি, অহা ১৬ আগষ্ট, ২০২৬ ৰ ভিতৰত সকলো এলপিজি গ্ৰাহকে নিজৰ আধাৰ-ভিত্তিক ই-কেৱাইচি (e-KYC) প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক।
ৰেহাই মূল্যত চিলিণ্ডাৰ লাভ অব্যাহত ৰাখিবলৈ আৰু চৰকাৰী ৰাজসাহায্য (Subsidy) লাভ কৰিবলৈ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। তেল প্ৰতিষ্ঠানসমূহে ইতিমধ্যে গ্ৰাহকসকললৈ এছ.এম.এছ (SMS) আৰু বিশেষ সজাগতা অভিযানৰ জৰিয়তে এই কথা জনাই আছ।
ধাৰ্য কৰা সময়সীমাৰ ভিতৰত ই-কেৱাইচি সম্পূৰ্ণ নকৰিলে ঘৰুৱা ৰেহাই মূল্যৰ পৰিৱৰ্তে বাণিজ্যিক দৰত চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া হ’ব। প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনা (PMUY)-ৰ হিতাধিকাৰীসকলে লাভ কৰা ৰাজসাহায্যৰ টকা লাভ কৰাত ব্যাঘাত ঘটিব পাৰে।
