১১ জুনৰ পৰা আৰম্ভ হ’ব ২০২৬ৰ ফিফা বিশ্বকাপ। আমেৰিকা, মেক্সিকো, আৰু কানাডাই এই ফুটবল প্ৰতিযোগিতা আয়োজন কৰিব। বিশ্বৰ মুঠ ৪৮টা দলে এই খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য’ত লিয়নেল মেছি, ক্রিষ্টিয়ানো ৰোনাল্ডো, কাইলিয়ান এমবাপেৰ দৰে বিখ্যাত ফুটবলাৰ অংশগ্ৰহণ কৰিব। ৯৬ বছৰ পূৰ্বে ফিফা বিশ্বকাপ আৰম্ভ হোৱাৰ পিছৰে পৰা বিগত শতিকাত খেলুৱৈসকলে অগণন অভিলেখ গঢ়িছে আৰু ভংগ কৰিছে। যদিও প্ৰতিযোগিতাখনৰ ইতিহাসত কোনো খেলুৱৈয়ে ২০টা গ’ল দিব পৰা নাই, তথাপিও ২০২৬ চনৰ বিশ্বকাপত ইতিহাস ৰচনা কৰাৰ ওচৰ চাপিছে আৰ্জেণ্টিনাৰ লিয়নেল মেছিয়ে।
ফিফা বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’লৰ অভিলেখ গঢ়িছে জাৰ্মানীৰ মিৰ’স্লাভ ক্ল’জে; চাৰিখন প্ৰতিযোগিতাত ২৪খন মেচত ১৬টা গ’ল দিছে। ১৫টা গ’লেৰে দ্বিতীয় স্থানত আছে ব্ৰাজিলৰ ৰোনাল্ডো। লিয়নেল মেছিয়ে বৰ্তমান এই তালিকাৰ পঞ্চম স্থানত আছে আৰু তেওঁ এতিয়ালৈকে মুঠ ১৩টা বিশ্বকাপ গ’ল কৰিছে।
২০২৬ চনত মেছিয়ে নিজৰ ষষ্ঠ বিশ্বকাপত খেলিব; ইতিমধ্যে তেওঁ ২৬খন মেচ খেলিছে। ২০২৬ চনৰ প্ৰতিযোগিতাত যদি তেওঁ আৰু চাৰিটা গ’ল দিয়ে তেন্তে তেওঁ ফিফা বিশ্বকাপৰ ৯৬ বছৰীয়া ইতিহাসৰ আগশাৰীৰ গ’লদাতা হিচাপে পৰিগণিত হ’ব। পৰ্তুগালৰ ক্রিষ্টিয়ানো ৰোনাল্ডো এই তালিকাৰ শীৰ্ষৰ ওচৰত ক’তো নাই। ছয়খন বিশ্বকাপত খেলা সত্ত্বেও ২২খন মেচত মাত্ৰ ৮টা গ’লহে কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ফ্ৰান্সৰ কাইলিয়ান এমবাপেও ইতিহাস ৰচনা কৰাৰ অতি ওচৰ চাপিছে; ২০২২ চনৰ বিশ্বকাপত ৮টা গ’ল দিয়াৰ পিছত তেওঁ ইতিমধ্যে মাত্ৰ ২৭ বছৰ বয়সতে বিশ্বকাপত ১২টা গ’ল দিছে। বিশ্ব অভিলেখ ভংগ কৰিবলৈ তেওঁক আৰু পাঁচটা গ’লৰ প্ৰয়োজন।
