ধাৰাসাৰ বৰষুণৰ মাজতে সংঘটিত বজ্ৰপাতে প্ৰাণ কাঢ়িলে ১৪ জনকৈ লোকৰ। মঙলবাৰে ঝাৰখণ্ডৰ গিৰিডিহ, দুমকা আৰু লাতেহাৰ জিলাৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাবাহিক বজ্ৰপাতৰ ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু ঘটে। ঘটনাকেইটাত আহত হয় আন চাৰিজন।
সৰ্বাধিক ক্ষতিগ্ৰস্ত হয় গিৰিডিহ জিলা। জিলাখনত নজন লোকৰ মৃত্যু ঘটে। ইয়াৰে খোৰিমাহুৱা মহকুমাৰ দেউৰী অঞ্চলত খেল শেষ কৰি একেলগে থকা ১৮ৰ পৰা ২০ বছৰৰ পাঁচজন যুৱকৰ ওপৰত বজ্ৰপাত পৰাত ঘটনাস্থলীতে তেওঁলোকৰ প্ৰাণহানি ঘটে। একেটা ঘটনাত আহত হয় আন তিনিজন। আনহাতে, গাৱান আৰু নৌডিহা অঞ্চলত সংঘটিত দুটা পৃথক ঘটনাতো এজনকৈ লোকৰ মৃত্যু ঘটে।
দুমকা জিলাৰ ৰামগড় আৰু হাঁসডিহা অঞ্চলতো বজ্ৰপাতে প্ৰাণ কাঢ়ে তিনিজন লোকৰ। ঘটনাকেইটাত এজন শিশুসহ চাৰিজন আহত হয়। আহতসকলৰ চিকিৎসা অব্যাহত আছে।
ইফালে, লাতেহাৰ জিলাৰ চান্দৱা আৰু সদৰ অঞ্চলত সংঘটিত পৃথক দুটা বজ্ৰপাতৰ ঘটনাত দুজন লোকৰ মৃত্যু ঘটে। একে সময়তে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱাত তেওঁৰ চিকিৎসা অব্যাহত আছে।
ধাৰাবাহিক বৰষুণ আৰু বজ্ৰপাতৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়। বিশেষকৈ খোলা পথাৰ, গছৰ তল আৰু উন্মুক্ত স্থান এৰাই চলিবলৈ পৰামৰ্শ জাৰি কৰাৰ লগতে বতৰ স্বাভাৱিক নোহোৱালৈকে অতি প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ নোলাবলৈও প্ৰশাসনে পৰামৰ্শ আগবঢ়ায়।
