হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ’ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে কথা কোৱা লোক মানুহেই নহয়, জন্তুতকৈও অধম।
বন্যাৰ্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পিছত বদৰুদ্দিন আজমলে কয়, “আপুনি হিন্দুও নহ’ব, মুছলমানো নহ’ব। আপুনি মানুহৰ সন্তান। কেতিয়া মানুহ হ’ব, সেয়া মই নাজানো।”
ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক সমালোচনা কৰি এআইইউডিএফৰ সভাপতিগৰাকীয়ে কয় যে, মানুহক বিভক্ত কৰাৰ ৰাজনীতি এৰি প্ৰথমে মানুহৰ দৰে আচৰণ শিকা উচিত। তেওঁ কয়, “এনে কথা কোৱা লোক মানুহেই নহয়, জন্তুতকৈও অধম। তেওঁলোকক প্ৰথমে মানুহ হ’বলৈ কওক। অন্ততঃ এবাৰ হ’লেও হিন্দু-মুছলমানৰ কথা কোৱা বন্ধ কৰক।”
বদৰুদ্দিন আজমলে উল্লেখ কৰে যে, বানৰ দৰে দুৰ্যোগৰ সময়ত ৰাজনীতিৰ সলনি উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। ধৰ্ম আৰু পৰিচয়ক কেন্দ্ৰ কৰি চলি থকা ৰাজনীতিৰ পৰা ওলাই আহি মানৱীয় দৃষ্টিভংগীৰে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈও আহ্বান জনায় এআইইউডিএফৰ সভাপতিগৰাকীয়ে।
