গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° আতোৱাৰ ৰহমানৰ ‘এক বিৰামহীন যাত্রা: অসম্পূর্ণ আত্মজীৱনী’ শীর্ষক গ্রন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন হয়। খ্রীষ্টানবস্তিস্থিত এন ই এফ ল কলেজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত ড°আতোৱাৰ ৰহমানৰ আত্মজীৱনীখন উন্মোচন কৰে প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে। এন ই এফ গ্রুপ অফ কলেজেছৰ সঞ্চালক ড° জাকিৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত আদৰণি ভাষণ আগবঢ়াই আত্মজীৱনীখনৰ প্রকাশক ছাহজাহান তালুকদাৰে। ইফালে সন্মানীয় অতিথিৰ ভাষণ আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড° অখিল ৰঞ্জন দত্তই। আনহাতে, এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে অধ্যাপক যোগেন কলিতা। ড° আতোৱাৰ ৰহমানে আত্মজীৱনীখনৰ সন্দৰ্ভত কয় যে মোৰ জীৱনৰ অভিজ্ঞতা বিষয়ে পঢ়িব পাৰিব। মই আত্মজীৱনী লিখাৰ কথা জীৱনত ভবাই নাছিলোঁ। মই ভাবিছিলোঁ ডাঙৰ মানুহে লিখে আত্মজীৱনী। সেইটোৱে মোৰ এটা চিন্তাধাৰা আছিল। কিন্তু সময় পৰিৱৰ্তশীল। সহায়ৰ গতিত বহু লোকৰ উৎসাহ আৰু পৰিয়ালৰ তাগিদাত মই আত্মজীৱনীখন লিখিবলৈ সাহস গোটালো। যিহেতুকে মই দিনলিপি লিখা নাছিলোঁ সেয়ে জীৱনত লাভ অভিজ্ঞতাৰ ভিত্তিত লিখিছোঁ। মোৰ জীৱনৰ অভিজ্ঞতাত লাভ তিতা-মিঠা, কৰ্মজীৱন, বৈবাহিক জীৱনৰ কথা জীৱনৰ বিয়লি বেলাত আত্মজীৱনীখনত লিখিছোঁ। গ্ৰন্থখন পঢ়ি মই যাত্ৰা পথত কৰা ভুলসমূহ নিজে শুধৰণি কৰিবলৈ উৎসাহ পাব। প্রশান্ত ৰাজগুৰুৱে গ্ৰন্থখন উন্মোচন কৰি কয় যে ড° আতোৱাৰ ৰহমান এগৰাকী লিবাৰেল ব্যক্তি।
তেওঁ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ হোৱাৰ পিছতো ঐশ্বৰিক শক্তিৰ সন্ধান কৰিছিল। এই আত্মজীৱনীখন পঢ়ি ঐশ্বৰিক শক্তি আৰু সত্যৰ সন্ধানৰ কথা অনুভৱ হৈছে। তেওঁ আজি প্ৰকাশ কৰি যে জীৱনত তেওঁ যিমানবাৰ কবৰস্থানলৈ গৈছে তাতোকৈ অধিকবাৰ শ্মশানলৈ গৈছে। এইটো এটা ডাঙৰ কথা। ইয়াৰ দ্বাৰা এইটো স্পষ্ট হৈছে তেওঁ কিমান উদাৰ আৰু স্বাধীনচেতীয়া ব্যক্তি। মই মাদ্ৰাছাৰ বিৰোধী নাছিলোঁ। মাদ্ৰাছাক লৈ চৰকাৰে যি কৰিব লাগিছিল, তাকে নকৰি সকলো চৰকাৰী মাদ্ৰাছা বন্ধ কৰি দিলে কিন্তু ব্যক্তিগত মাদ্ৰাছা চলি থাকিবলৈ দিলে। বৰ্তমানৰ সমাজখনৰ সন্দৰ্ভত তেওঁ কয় যে এতিয়া ৰাজ্যত হয়তোবা হিন্দুৰ সমাৱেশ হয়, নাইবা মুছলমানৰ সমাৱেশ হয়। এইটো হ’ব নালাগে। লিবাৰেল হ’ব লাগে। ইয়াৰ উপৰিও কয় যে পূৰ্ব বংগীয় মুছলমান সমাজত শিক্ষা এটা ডাঙৰ সমস্যা। বানখনীয়াও তেঁওলোকৰ ডাঙৰ সমস্যা। দৰিদ্ৰতা, অসুৰক্ষিত, নিৰক্ষৰতা এই তিনিটা চৰ্ত এখন সমাজে যেতিয়া পূৰণ নকৰে সেই সমাজখন সদায় পিছ পৰি থাকে আৰু পূৰ্ব বংগীয় মুছলমান সমাজখন এই কেইটা সমস্যাত আজিও ভাৰাক্ৰান্ত। এই আত্মজীৱনীখনক মুছলমান সমাজৰ সকলোৱে পঢ়িব লাগে। এই আত্মজীৱনীখন প্ৰেৰণাৰ উৎস হৈ ৰ’ব বুলি উল্লেখ কৰে। ড° অখিল ৰঞ্জন দত্তই ভাষণ প্ৰসংগত কয় যে পদাৰ্থ বিজ্ঞানৰ সমান্তৰালকৈ আতোৱাৰ ৰহমানে কোৰান গভীৰভাৱে অধ্যয়ন কৰিছে। পদাৰ্থ বিজ্ঞান আৰু কোৰানৰ মাজত কিবা বৈজ্ঞানিক যোগসূত্ৰ আছে নেকি তাৰ সন্ধান কৰিছে। মই এটা কথা কব বিচাৰোঁ ধৰ্মীয় গ্ৰন্থ সদায় ভালদৰে অধ্যয়ন কৰিব লাগে।
যি সময়ত ইছলাম ধৰ্মক তালিবানী বুলি ভাৱে তেনে সময়ত তেওঁ পদাৰ্থ বিজ্ঞান আৰু কোৰানৰ মাজত বৈজ্ঞানিক যোগসূত্ৰ বিচাৰিছে। এই আত্মজীৱখন উত্তৰ প্ৰজন্মৰ বাবে সাহসৰ বাৰ্তা হ’ব। বিশেষকৈ যিসকল এই সমাজৰ লোক সেইসকল অধিক উপকৃত হ’ব। তেওঁ লগতে কয় যে আত্মজীনখনত পশ্চিম অসমৰ কথা সুন্দৰভাৱে উপস্থাপন কৰিছে। আমাৰ মাজত পশ্চিম অসমৰ বিশেষ চিন্তা ধাৰা নাই। অসমৰ অৰ্থনীতিত পশ্চিম অসমৰ কথা আলোচনাও নহয়। আমাৰ মাজত এতিয়াও এটা ধাৰণা আছে যে পশ্চিম অসম মানে গোৱালপাৰা, ধুবুৰী। কিন্তু এই আত্মজীনখনত পশ্চিম অসমৰ কথা বিস্তৃতভাৱে উল্লেখ কৰিছে। আতোৱাৰ ৰহমান খুব খঙাল ব্যক্তি। আত্মজীৱনীখনত খঙালৰ বিষয়ে সুন্দৰভাৱে তুলি ধৰিছে। ক্ৰোধৰ বিষয়ে ইমান সুন্দৰভাৱে লিখিছে যে মই আজিলৈকে আত্মজীৱনীত ক্ৰোধৰ বিষয়ে ইমান ধুনীয়া বাখ্যা পঢ়া নাই। এই আত্মজীৱনীখনে সমাজক বঁটা দেখুৱাব।
