মেঘালয়ৰ ৰাজধানী শ্বিলঙত খাছী ষ্টুডেণ্টছ ইউনিয়নে উলিওৱা এক প্ৰতিবাদী বাইক ৰেলীৰ সময়তে লক্ষ্য কৰি লোৱা হ’ল অসমৰ বাহনসমূহক। দহ দফীয়া দাবীৰ দাবীত সংগঠনটোৱে আয়োজন কৰা এই কাৰ্যসূচীৰ মাজতে চৰকাৰী বাহনৰ লগতে অসমৰ পঞ্জীয়ন থকা ব্যক্তিগত গাড়ীসমূহতো একাংশ প্ৰতিবাদকাৰীয়ে উপৰ্যুপৰি আক্ৰমণ চলাই তীব্ৰ ক্ষতিসাধন কৰে।
শ্বিলঙৰ বিভিন্ন প্ৰান্ততম অসমৰ নম্বৰ প্লেটযুক্ত বাহনসমূহ বাছি বাছি আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে দুৰ্বৃত্তই জ্বলাই দিয়ে এখন চৰকাৰী বাহনো
বুধবাৰে অনুষ্ঠিত এই ৰেলীৰ সময়ত শ্বিলঙৰ বিভিন্ন প্ৰান্তত অসমৰ নম্বৰ প্লেটযুক্ত বাহনসমূহ বাছি বাছি আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰত্যক্ষদৰ্শী আৰু পোহৰলৈ অহা দৃশ্য অনুসৰি, প্ৰতিবাদকাৰীৰ এটা দলে ৰাজপথত চলাচল কৰা বাহন আগভেটি ধৰি শিলগুটি নিক্ষেপ কৰাৰ লগতে লাঠিৰে ভাঙি চূৰমাৰ কৰে। ইফালে মাওলাই নংমালিত এখন চৰকাৰী বলেৰ’ বাহন পথৰ মাজতে জ্বলাই দিয়াৰ ফলত সমগ্ৰ অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
অসমৰ পৰা মেঘালয়লৈ যোৱা বাহন আৰু যাত্ৰীসকলৰ নিৰাপত্তাক লৈ এই ঘটনাই গভীৰ শংকাৰ সৃষ্টি কৰিছে। পৰিস্থিতি অধিক অৱনতি নহ’বৰ বাবে প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰাৰ লগতে বাহন ধ্বংস কাৰ্যত জড়িত থকা দুৰ্বৃত্তসকলক চিনাক্ত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।
