ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱাক কেন্দ্ৰ কৰি চলি থকা দেশজোৰা বিতৰ্কৰ মাজতে প্ৰবীণ চলচ্চিত্ৰ অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱট। বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই প্ৰবীণ অভিনেত্ৰীগৰাকীক ‘হিন্দু-মুছলিম মানসিকতা’ৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। ৮১ বছৰীয়া শৰ্মিলা ঠাকুৰে শেহতীয়াকৈ এক সাক্ষাৎকাৰত ‘বন্দে মাতৰম’ৰ কেৱল প্ৰথম দুটা স্তৱকহে গোৱা উচিত বুলি মন্তব্য কৰিছিল। তেওঁ দাবী কৰিছিল যে পৰৱৰ্তী স্তৱকসমূহত থকা হিন্দু দেৱ-দেৱীৰ উল্লেখে এক ঈশ্বৰবাদী লোকসকলৰ বিশ্বাসত বাধাৰ সৃষ্টি কৰিব পাৰে।
শৰ্মিলা ঠাকুৰৰ এই সাক্ষাৎকাৰৰ অংশ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কংগনা ৰানাৱটে কয় যে তেওঁ জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ বক্তব্যক সন্মান কৰে যদিও এগৰাকী শিল্পী হিচাপে তেওঁৰ সংকীৰ্ণ ব্যাখ্যাক লৈ স্তম্ভিত হৈছে। তেওঁ উল্লেখ কৰে যে কলা আৰু কবিতাত শব্দসমূহক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াক কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰা চোৱাটো অনুচিত। বঙ্কিমচন্দ্ৰ চেটাৰ্জীয়ে স্বাধীনতা সংগ্ৰামৰ পটভূমিত দেশবাসীৰ মাজত সুপ্ত হৈ থকা ‘শক্তি’ জাগ্ৰত কৰিবলৈহে এই গীত ৰচনা কৰিছিল বুলিও তেওঁ যুক্তি দৰ্শায়।
স্বামী বিবেকানন্দৰ উদ্ধৃতি দি কংগনাই লিখিছে, “বিবেকানন্দই কৈছিল যে তেওঁক এনে যুৱক লাগে যাৰ পেশী লোৰ দৰে আৰু স্নায়ু তীখাৰ দৰে; তেওঁ বতৰৰ বতৰা দিয়া নাছিল, বৰঞ্চ যুৱ প্ৰজন্মৰ মাজত শক্তিৰ জাগৰণ আহ্বান কৰিছিল। চিকিৎসকে দিয়া শক্তিকো শক্তি বুলিয়েই কোৱা হয়। গতিকে অনুগ্ৰহ কৰি হিন্দু-মুছলিম মানসিকতাৰ পৰা বাহিৰলৈ আহক আৰু সকলোকে আপোন কৰি লওক।”
উল্লেখ্য যে ‘বন্দে মাতৰম’ৰ প্ৰথম দুটা স্তৱকত মাতৃভূমিৰ বন্দনা কৰা হৈছে আৰু পৰৱৰ্তী স্তৱকসমূহত দুৰ্গা, লক্ষ্মী আদি দেৱীৰ প্ৰসংগ উল্লেখ আছে। আনহাতে, শেহতীয়াকৈ প্ৰবীণ অভিনেতা মুকেশ খান্নাইও ‘জন গণ মন’ৰ পৰিৱৰ্তে ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় সংগীত কৰিব লাগে বুলি দাবী তুলিছিল। এই সকলো প্ৰেক্ষাপটৰ মাজতে শৰ্মিলা ঠাকুৰ আৰু কংগনা ৰানাৱটৰ বিপৰীতমুখী স্থিতিয়ে ‘বন্দে মাতৰম’ক লৈ চলি থকা বিতৰ্কত নতুন মাত্ৰা প্ৰদান কৰিছে।
