উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জল ভূঞাই চি জে পিৰ আন্দোলনৰ সময়ছোৱাত ছাত্ৰ তথা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা হিংসাত্মক আৰু কঠোৰ পদক্ষেপক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। নতুন দিল্লীত অৱসৰপ্ৰাপ্ত আই.পি.এছ. বিষয়া যশোধৰণ আজাদৰ গ্ৰন্থ ‘পোলিচিং দ্য ৰিপাব্লিক’ (Policing the Republic) উন্মোচনী অনুষ্ঠানত ভাষণ দি ন্যায়াধীশ ভূঞাই কয়-যেতিয়া উচ্চপদস্থ আৰক্ষী বিষয়াসকল নিজেই প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণত লিপ্ত হয়, সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। তেওঁ স্পষ্ট ভাষাত উল্লেখ কৰে যে আৰক্ষীৰ পৰা যি নিৰপেক্ষতা আশা কৰা হয়, সেয়া বৰ্তমান নোহোৱা হৈ পৰিছে। আৰক্ষী প্ৰশাসনে নিজৰ আচৰণ আৰু ৰীতি-নীতি সলনি কৰাৰ সময় আহি পৰিছে।
আৰক্ষীৰ জিম্মাত হোৱা মৃত্যু আৰু ভুৱা এংকাউন্টাৰক তেওঁ গুৰুতৰ অপৰাধ বুলি অভিহিত কৰে। তেওঁ কয় যে পথত নিয়োজিত আৰক্ষী হৈছে নাগৰিকৰ বাবে শক্তি। বিপদে-আপদে নাগৰিকে আৰক্ষীৰ কাষলৈ যায়, গতিকে আৰক্ষী প্ৰশাসনৰ ওপৰত জনসাধাৰণৰ বিশ্বাস অক্ষুণ্ণ ৰখাটো অত্যন্ত জৰুৰী। এক সভ্য সমাজত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাটো গুৰুতৰ অপৰাধ। ১৯৯৭ চনৰ ‘ডি কে বসু বনাম পশ্চিম বংগ’ গোচৰৰ উল্লেখেৰে তেওঁ কয় যে গ্ৰেপ্তাৰৰ পিছতো এজন নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰি।
চৰকাৰী বিষয়া বা আৰক্ষীয়ে নিজেই আইন হাতত তুলি ল’লে জনসাধাৰণৰ শাসন ব্যৱস্থাৰ ওপৰত আস্থা হ্ৰাস পায় আৰু অৰাজকতা বৃদ্ধি পায়।১৯৭৭ চনত গঠিত ৰাষ্ট্ৰীয় আৰক্ষী আয়োগে ১৯৮১ চনতে আৰক্ষীক পেছাদাৰী স্বাধীনতা দিয়া আৰু অভিযোগৰ স্বতন্ত্ৰ তদন্তৰ পৰামৰ্শ দিছিল, যিবোৰ আজিও সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাই বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে ৰাজনৈতিক আৰু প্ৰশাসনিক হেঁচাই আৰক্ষীৰ অপব্যৱহাৰ কৰায়, যিয়ে দেশৰ আইনৰ শাসনক দুৰ্বল কৰি তোলে।
