স্বাধীনতা দিৱসৰ দিনটো যাতে গুৱাহাটী মহানগৰী অবৈধ সুৰাৰ পৰা মুক্ত হৈ থাকে তাৰ বাবে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথে জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ক স্বাধীনতা দিৱসৰ আগদিনাৰ পৰা স্বাধীনতা দিৱসৰ দিনটো পাৰ নোহোৱালৈকে সেই দুটা দল দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছিল । সেই নিৰ্দেশৰ অংশ হিচাপে জালুকবাৰী সম জিলাৰ অন্তৰ্গত জালুকবাৰী আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জালুকবাৰী সম জিলাৰ উপ আৱকাৰী অধীক্ষক নৈৰিতা বৰুৱাৰ তদাৰকাত ১৪ আৰু ১৫ আগষ্টত মালিগাঁৱৰ কাষৰীয়া পাহাৰীয়া অঞ্চল ক্ৰমে আদিংগিৰী , কালাপানী, মাধৱদেৱ নগৰ আদিত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ অভিযান চলায়।
জালুকবাৰী আবকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শক চি কে বৰুৱা আৰু সহকাৰী আবকাৰী পৰিদৰ্শক চাইফুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষী – চি আৰ পি এফৰ সহযোগত আৱকাৰী দলটোৱে ৭ টা চুলাই মদ প্ৰস্তুত কৰা ভাটী ধ্বংস কৰে। ইয়াৰ উপৰিও একেটা দলে ভূতনাথ , শুকুৰবৰীয়া সাপ্তাহিক বজাৰ, ফটাশিল আমবাৰী, পাণ্ডু ৰেলৱে বজাৰ আদিত চুলাই মদ বিক্ৰেতাৰ বিৰুদ্ধে এক অভিযান চলায়। ইয়াৰ উপৰিও ১৪ আগষ্টৰ দিনা সন্ধিয়াৰ ভাগত ভৰলুমুখত আৱকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে কামৰূপ জিলাৰ ৰঙিয়াৰ ভিতৰুৱা অঞ্চলৰ পৰা এখন মাৰুতি অল্টোত কৌশলৰে অনা অৱস্থাত প্ৰায় ২০০ লিটাৰ চুলাই মদ জব্দ কৰে।
আনহাতে অভিযানত চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় প্ৰায় ৫ হাজাৰ কেজি পাছ , ৪৫০ লিটাৰ চুলাই মদ , মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত ১৫ টা বিভিন্ন ধৰণৰ বাচন – বৰ্তন, সজুলি জব্দ কৰা হয়। অভিযানটোত চুলাই মদ প্ৰস্তুত আৰু বিক্ৰীৰ লগত জড়িত ৫ জনী মহিলাসহ মুঠ ৬ জন লোকক হাতে লোটে আটক কৰা হয়। আটক কৰা লোক ৬ জনৰ বিৰুদ্ধে অসম আবকাৰী আইন ৫৩(১) ক’ৰ অধীনত বিভাগীয় গোচৰ ৰজু কৰি তেওঁলোকক আদালতলৈ প্ৰেৰণ কৰা হয়। আনহাতে জব্দ কৰা চুলাই মদ আৰু পাছখিনী পাছত বিভাগীয় নিয়মানুসাৰে নষ্ট কৰি পেলোৱা হয়।
