অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপ ২০২৬ত মুঠ ৪৮টা দলে অংশগ্ৰহণ কৰিব। ৪৮ টা দলে ইজনে আনজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি খিতাপ দখল কৰিবলৈ চেষ্টা চলাব। আটাইতকৈ দীঘলীয়া বিৰতিৰ অন্তত বিশ্বকাপলৈ উভতি অহা পাঁচটা দলৰ তালিকা প্ৰস্তুত কৰা হৈছে। যিখন তালিকাত প্ৰথমে আছে ৱেলছ। ৱেলছ (১৯৫৮-২০২২): ফিফা বিশ্বকাপত পুনৰ অংশগ্ৰহণৰ বাবে আটাইতকৈ বেছি সময় অপেক্ষা কৰিছিল ৱেলছ। ১৯৫৮ চনৰ বিশ্বকাপত খেলাৰ পিছত ৱেলছে ২০২২ চনত পৰৱৰ্তী বিশ্বকাপ খেলিছিল।অৰ্থাৎ এই মেগা ইভেণ্টলৈ দলটোৱে ঘূৰি আহিবলৈ ৬৪ বছৰ সময় লাগিছিল। অৱশ্যে তেওঁলোকৰ উভতি অহাটো ভাল নাছিল, আৰু ৱেলছ গ্ৰুপ পৰ্যায়ত বাহিৰ হৈছিল। ইজিপ্ত (১৯৩৪-১৯৯০): ১৯৩৪ চনৰ ফিফা বিশ্বকাপত খেলাৰ পিছত ইজিপ্তই পৰৱৰ্তী বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ ৫৬ বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল।
ফুটবলৰ আটাইতকৈ ডাঙৰ ইভেণ্টলৈ ইজিপ্তৰ উভতি অহাটো আছিল ১৯৯০ চনত।কিন্তু ১৯৯০ চনৰ বিশ্বকাপত ইজিপ্তৰ প্ৰদৰ্শন আকৰ্ষণীয় নাছিল, আৰু দলটোৱে গ্ৰুপ পৰ্যায়ত শেষ স্থান দখল কৰিছিল। নৰৱে (১৯৩৮-১৯৯৪): ফিফা বিশ্বকাপলৈ ঘূৰি আহিবলৈ নৰৱেক ৫৬ বছৰ সময় লাগিছিল। ১৯৩৮ চনৰ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ পিছত দলটোৰ পৰৱৰ্তী বিশ্বকাপত অংশগ্ৰহণ কৰে ১৯৯৪ চনত।কিন্তু গ্ৰুপ পৰ্যায়ত নৰৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈ পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। দলটোৱে নিজৰ গ্ৰুপৰ তলৰ স্থান দখল কৰে। তুৰস্ক (১৯৫৪-২০০২): ফিফা বিশ্বকাপলৈ ঘূৰি অহাৰ বাবেও তুৰস্কৰ বহু অপেক্ষা আছিল। ১৯৫৪ চনত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত তুৰস্কই পৰৱৰ্তী বিশ্বকাপ খেলিবলৈ ৪৮ বছৰ সময় লাগিছিল। ২০০২ চনত তুৰস্কই ফিফা বিশ্বকাপলৈ ঘূৰি আহিছিল।এই বিশ্বকাপত তুৰস্কৰ প্ৰদৰ্শন ঐতিহাসিক আছিল, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছিল।
কোৱাৰ্টাৰ ফাইনেলত তুৰস্কই আয়োজক জাপান আৰু চেনেগালক পৰাস্ত কৰে। তৃতীয় স্থানৰ খেলখনত তুৰস্কই দক্ষিণ কোৰিয়াক ৩-২ গ’লত পৰাস্ত কৰে। বলিভিয়া (১৯৫০-১৯৯৪): ১৯৫০ চনৰ ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰা বলিভিয়াক মেগা ইভেণ্টলৈ ঘূৰি আহিবলৈ ৪৪ বছৰ সময় লাগিছিল। ১৯৯৪ চনত বলিভিয়াই বিশ্বকাপলৈ ঘূৰি আহে।কিন্তু এই বিশ্বকাপত বলিভিয়াৰ প্ৰদৰ্শন হতাশাজনক আছিল আৰু গ্ৰুপ পৰ্যায়ত পৰাস্ত হোৱাৰ পিছত দলটোৱে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছিল।
