অসম আৰু নেপালী সাহিত্য জগতক শোকস্তব্ধ কৰি চিৰবিদায় ল’লে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা পদ্মশ্ৰী গীতা উপাধ্যায়ে। সাহিত্য, অনুবাদ আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে সন্মানিত এইগৰাকী বৰেণ্য ব্যক্তিয়ে এইবছৰেই লাভ কৰিছিল সতী সাধনী বঁটা।
বৰ্তমানৰ বিশ্বনাথ জিলাৰ গংমথান গাঁৱত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায়ে লেখিকা, অনুবাদক, শিক্ষাবিদ আৰু সমাজকৰ্মী হিচাপে সুদীৰ্ঘ সময় ধৰি সুনাম অৰ্জন কৰিছিল। অসমীয়া আৰু নেপালী ভাষাৰ সাহিত্যৰ মাজত সেতুবন্ধন গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সাহিত্যিকগৰাকীয়ে।
অসমীয়া নাটক ‘কাৰেঙৰ লিগিৰী’ৰ নেপালী অনুবাদৰ বাবে সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল গীতা উপাধ্যায়ে। ২০১৬ চনত ‘জন্মভূমি মেৰো স্বদেশ’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল।
সাহিত্য আৰু শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল গীতা উপাধ্যায়ক। শেহতীয়াকৈ ২০২৬ বৰ্ষৰ সতী সাধনী বঁটাৰেও সন্মানিত কৰিছিল সাহিত্যিকগৰাকীক।
গীতা উপাধ্যায়ৰ মৃত্যুত অসম তথা নেপালী সাহিত্য জগতত শোকৰ ছাঁ পৰিছে। সাহিত্যপ্ৰেমী, গৱেষক আৰু নতুন প্ৰজন্মৰ লেখকসকলৰ বাবে তেওঁৰ সৃষ্টিকৰ্ম আৰু অনুবাদৰ ঐতিহ্য অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।
