ভাৰতে ২০২৯ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ লগতে বাংলাদেশৰ সৈতে যুটীয়াভাৱে ২০৩১ চনৰ এদিনীয়া বিশ্বকাপৰো আয়োজন কৰিব। দেওবাৰে ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) ব’ৰ্ডৰ বৈঠকৰ পাছতেই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। আই চি চিৰ সূচী অনুসৰি, ২০২৯ চনৰ ৯ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ ভাৰতত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে ২০০৬ চনৰ পাছত এইখনেই হ’ব ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন চেম্পিয়নছ ট্ৰফী। আনহাতে, ২০৩১ চনৰ ৯ অক্টোবৰৰ পৰা ২৩ নৱেম্বৰলৈ ভাৰত আৰু বাংলাদেশত যুটীয়াভাৱে এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ভাৰতে ২০২৩ চনত এদিনীয়া বিশ্বকাপৰ আয়োজন কৰিছিল।অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে যুটীয়াভাৱে ২০২৮ চনৰ ১২ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ পুৰুষৰ টি-২০ বিশ্বকাপ আয়োজন কৰিব। ইংলেণ্ড, আয়াৰলেণ্ড আৰু স্কটলেণ্ডে ২০৩০ চনৰ ৪ জুলাইৰ পৰা ৪ আগষ্টলৈ টি-২০ বিশ্বকাপৰ আয়োজন কৰিব।পৰৱৰ্তী চাৰি বছৰীয়া চক্ৰৰ প্ৰতিযোগিতাসমূহৰ গাঁথনি চূড়ান্ত কৰা হৈছে যদিও খেলপথাৰসমূহ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।
ইয়াৰ উপৰি ২০৩২-৩৫ চক্ৰতো একেধৰণৰ গাঁথনি অব্যাহত থকাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতাসমূহৰ এই ধাৰাবাহিকতাই স্পষ্ট কৰিছে যে আই চি চিয়ে ক্ৰিকেটৰ বিত্তীয় দিশটো শক্তিশালী কৰি ৰাখিবলৈ বাৰ্ষিক হোৱাইট-বল (সীমিত অ’ভাৰৰ) প্ৰতিযোগিতাসমূহৰ ওপৰতেই অধিক নিৰ্ভৰ কৰিছে। দ্বিপাক্ষিক শৃংখলা কিছু হ্ৰাস পালেও দলসমূহৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় মেচসমূহ অব্যাহত থাকিব। অৱশ্যে সম্প্ৰচাৰৰ পৰিৱৰ্তিত পৰিৱেশৰ মাজত এই প্ৰতিযোগিতাসমূহৰ চূড়ান্ত সিদ্ধান্ত সম্প্ৰচাৰক সংস্থাৰ ওপৰতো নিৰ্ভৰ কৰিব। আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পূৰ্বৰ দৰেই প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হ’ব। ২০৩৩ আৰু ২০৩৫ চনৰ ফাইনেলৰ স্থান এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও জুন মাহৰ সময়সূচী নিৰ্ধাৰণ কৰালৈ চাই ইংলেণ্ডতেই এই ফাইনেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক।
আনহাতে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ১২টা দললৈ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱটো বিষয়াবৰ্গৰ আগ্ৰহৰ অভাৱত নাকচ কৰা হয়। ২০২৮ চনৰ মহিলা টি-২০ বিশ্বকাপ পাকিস্তানতেই অনুষ্ঠিত হ’ব আৰু ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থান হিচাপে ডুবাইত অনুষ্ঠিত কৰা হ’ব। ইয়াৰ উপৰি ২০৩২-৩৫ চক্ৰতো আন এখন আই চি চি প্ৰতিযোগিতা আয়োজনৰ দৌৰত পাকিস্তান আছে।২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ বাবে আই চি চি পুৰুষৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা (কোৱালিফায়াৰ) ২০২৮ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ বাংলাদেশত অনুষ্ঠিত হ’ব। ইয়াৰ পাছতেই ফেব্ৰুৱাৰী-মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত মহিলাৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
