ভাৰত আৰু ফ্ৰান্সৰ মাজত বন্ধুত্ব অধিক ঘনিষ্ঠ হৈ পৰিছে। ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ভাৰতৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে। এই শৃংখলাত, দুয়োখন দেশে প্ৰতিৰক্ষা ঔদ্যোগিক খণ্ডৰ মাজত একত্ৰীকৰণ অধিক গভীৰ কৰিবলৈ, সহ-ডিজাইন, সহ-বিকাশ আৰু সহ-উৎপাদনৰ সুযোগ চিনাক্ত কৰাৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হৈছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা খণ্ডৰ একত্ৰীকৰণ অধিক গভীৰ কৰাৰ লগতে খণ্ডটোৰ সহ-ডিজাইন, সহ-বিকাশ আৰু সহ-উৎপাদনৰ সুযোগ চিনাক্ত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাই, বিশেষকৈ ডিজাইন পৰ্যায়ৰ পৰা, কেৱল যুৱসকলৰ বাবে ভাল চাকৰি সৃষ্টি কৰাই নহয়, লগতে ই আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীকো আগবঢ়ায়।
কেৱল এয়াই নহয়, ই বৈজ্ঞানিক, প্ৰযুক্তিগত ক্ষেত্ৰত ব্যাপক প্ৰগতিকো সমৰ্থন কৰিব। দুয়োগৰাকী নেতাই ২০৪৭ চনৰ বাবে উন্নত ভাৰতৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ এক উচ্চাভিলাষী প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপ গ্ৰহণক আদৰণি জনাইছে। ভাৰত আৰু ফ্ৰান্সে এই ক্ষেত্ৰত অংশীদাৰিত্বৰ সুযোগ চিনাক্ত কৰাৰ বাবে ঔদ্যোগিক সহযোগিতাৰ ওপৰত এক নতুন পথ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ সন্মত হৈছে, যাৰ ভিতৰত আছে সামৰিক হাৰ্ডৱেৰৰ সহ-ডিজাইনিং, সহ-বিকাশ আৰু সহ-উৎপাদন। দুয়োখন দেশে যুটীয়াভাৱে এখন মাল্টি-মিছন হেলিকপ্টাৰ নিৰ্মাণ কৰিব। ফ্ৰান্সৰ ইঞ্জিন নিৰ্মাতা চাফ্ৰানে ভাৰতত যুঁজাৰু জেট ইঞ্জিন নিৰ্মাণৰ বাবে ১০০ শতাংশ প্ৰযুক্তি স্থানান্তৰ কৰিবলৈ আগ্ৰহী হৈছে।
দুয়োপক্ষই পাঁচ বছৰৰ বাবে ফ্ৰান্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিৰক্ষা মহাকাশ অংশীদাৰীত্ব, উপগ্ৰহ উৎক্ষেপণ, সেউজ শক্তিৰ ক্ষেত্ৰত যুটীয়া গৱেষণা, স্বাস্থ্যসেৱা সহযোগিতা, ৰাজহুৱা প্ৰশাসনত সহযোগিতা আৰু চেংগেন ভিছাৰ বৈধতা সক্ৰিয় কৰণৰ ক্ষেত্ৰতো চুক্তি স্বাক্ষৰ কৰিছে।টাটা আৰু এয়াৰবাছ হেলিকপ্টাৰে ভাৰতত এইচ-১২৫ হেলিকপ্টাৰ প্ৰস্তুত কৰাৰ বাবে গুৰুত্বপূৰ্ণ থলুৱা আৰু স্থানীয়কৰণ উপাদানৰ অংশীদাৰ হ’ব। চৰকাৰৰ “মেক ইন ইণ্ডিয়া” উদ্যোগৰ অধীনত ব্যক্তিগত খণ্ডত এইটো ভাৰতৰ প্ৰথম হেলিকপ্টাৰ এচেম্বলী লাইন হ’ব। ভাৰতত নিৰ্মিত প্ৰথমখন এইচ ১২৫ হেলিকপ্টাৰৰ উৎপাদন ২০২৬ চনত আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। কেৱল এয়াই নহয়, ফ্ৰান্সে ভাৰতক যুঁজাৰু জেট ইঞ্জিন বিকাশত সহায় কৰিবলৈও আগবাঢ়িব আহিছে।