ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গুলীচালনাত আনকি এজনৰ মৃত্যুৰ তথ্যও পোহৰলৈ আহিছে। আনহাতে এই ঘটনাত চোকা অস্ত্ৰৰ আক্ৰমণত বি এছ এফৰ এগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।দুয়োখন দেশৰ মাজত দেখা দিয়া যুদ্ধময় পৰিস্থিতিৰ সময়ত আন এখন চুবুৰীয়া দেশ বাংলাদেশৰ স্থিতিক লৈয়ো সন্দেহৰ অৱতাৰণা হৈছিল। অৱশ্যে ভাৰত–পাকিস্তানৰ মাজত পূৰ্ণ যুদ্ধৰ ৰূপ লোৱাৰ পূৰ্বেই যুদ্ধবিৰতি ঘোষণা হয়। তথাপি অৱশ্যে সীমান্তত অত্যন্ত সজাগ হৈ আছে নিৰাপত্তা বাহিনী। তাৰ মাজতে এতিয়া ভাৰত–বাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গুলীচালনাত আনকি এজনৰ মৃত্যুৰ তথ্যও পোহৰলৈ আহিছে।বাংলাদেশী অনুপ্ৰৱেশকাৰী আৰু সৰবৰাহকাৰীৰ আক্ৰমণৰ চেষ্টা প্ৰতিহত কৰিবলৈ বি এছ এফৰ সেনাই চলালে গুলী। এই গুলীচালনাত এগৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয়। ইফালে এই ঘটনাত এগৰাকী বি এছ এফৰ জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।খবৰ অনুসৰি উত্তৰ দিনাজপুৰ জিলাৰ কিষানগঞ্জ ছেক্টৰৰ পাৰিয়াল সীমান্ত আউটপোষ্ট এলেকাত সংঘটিত হয় এই ঘটনা।
