২০২৬ৰ ফুটবল বিশ্বকাপৰ ছেমিফাইনেলত ইউৰোপীয় চেম্পিয়ন স্পেইনে ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে। টেক্সাছৰ ডলাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ খেলখনত স্পেইনে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। খেলৰ প্ৰথমাৰ্ধতে স্পেইনৰ হৈ মিতেল অয়াৰজাবালে এটা পেনাল্টীৰ জৰিয়তে প্ৰথমটো গ’ল দিয়ে। ইয়াৰ পিছত দ্বিতীয়াৰ্ধত পেড্ৰ’ পৰোৱে দলৰ হৈ দ্বিতীয়টো গ’ল কৰি স্পেইনৰ জয় নিশ্চিত কৰে।
তাৰকা খেলুৱৈ কিলিয়ান এমবাপেৰে সমৃদ্ধ ফ্ৰান্সৰ শক্তিশালী আক্ৰমণভাগক স্পেইনৰ ডিফেন্সে সুন্দৰভাৱে প্ৰতিহত কৰে। এই পৰাজয়ৰ লগে লগে ফ্ৰান্সৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলাৰ সপোন ভংগ হয়। এই বিশ্বকাপৰ পিছতেই ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়াৰ ডেচচেম্পচে নিজৰ পদৰ পৰা অৱসৰ ল’ব।স্পেইন এতিয়া তেওঁলোকৰ ইতিহাসৰ দ্বিতীয়টো বিশ্বকাপ খিতাপ জয় কৰাৰ পৰা মাত্ৰ এখন মেচ দূৰত আছে।
উল্লেখ্য যে ফ্ৰান্সৰ তাৰকা ফুটবলাৰ কিলিয়ান এমবাপে এই খেলখনত এটাও অন-টাৰ্গেট শ্বট ল’বলৈ সক্ষম নহ’ল। এই ঐতিহাসিক জয়েৰে ২০১০ চনৰ চেম্পিয়ন স্পেইনে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে। অহা ১৯ জুলাইত নিউয়ৰ্ক/নিউজাৰ্চীত অনুষ্ঠিত হ’বলগীয়া খিতাপ দখলৰ যুঁজত স্পেইনে ইংলেণ্ড অথবা আৰ্জেণ্টিনাৰ মুখামুখি হ’ব।
