অসমৰ নৱগঠিত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে বুধবাৰে লোৱা হয় চৰকাৰী ব্যয় কৰ্তনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীত অনুষ্ঠিত এই বৈঠকৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰৰ প্ৰশাসনিক কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰে। অহা ২১, ২২, ২৫ আৰু ২৬ মে’ত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’ব, য’ত নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। এই অধিবেশনৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীক সাময়িক অধ্যক্ষ হিচাপে নিযুক্তি দিবলৈ ৰাজ্যপালক অনুৰোধ জনোৱা হৈছে।
প্ৰশাসনিক সংস্কাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আগন্তুক ছমাহৰ বাবে চৰকাৰী ব্যয় কৰ্তন কৰিবলৈ কেবিনেটে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’’ মন্ত্ৰীসকলৰ বিভাগসমূহ এতিয়াও ঘোষণা কৰা হোৱা নাই আৰু বিধানসভাৰ অধিবেশনৰ পাছতহে কেবিনেট সম্প্ৰসাৰণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজ্য চৰকাৰে আগন্তুক ছমাহৰ বাবে চৰকাৰী ব্যৱহাৰৰ বাবে কোনো বিদেশী সামগ্ৰী আমদানি নকৰিবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও এই সময়ছোৱাত কোনো চৰকাৰী বিভাগে শাৰীৰিকভাৱে ছেমিনাৰ বা কৰ্মশালা অনুষ্ঠিত কৰিব নোৱাৰিব যদিও ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থা বাহাল থাকিব। নৱগঠিত চৰকাৰখনে কাম-কাজত অধিক স্বচ্ছতা আৰু মিতব্যয়িতা অনাৰ লক্ষ্যৰে এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিছে।
