যদি এয়াই প্ৰেম হয়, তেন্তে ঘৃণাৰ পৰিণাম আৰু কিমান ভয়ংকৰ হ’ব পাৰে? প্ৰেম-ভালপোৱাৰ নামত ৰাজ্যত সংঘটিত ইটোৰ পিছত সিটো ঘটনাৰ মাজতে এইবাৰ পুনৰ প্ৰেমৰ সম্পৰ্কক কলংকিত কৰি এগৰাকী যুৱতীক পশুতুল্য নিৰ্যাতন চলোৱাৰ এক শিহৰণকাৰী ঘটনাই জোকাৰি গ’ল যোৰহাট চহৰক। ককিলামুখৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা শান্তি আশ্ৰমৰ সমীপৰ এটা নিৰ্জন পথত এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত বাক-বিতণ্ডা হোৱাৰ পিছতেই নিজৰ পেণ্টৰ বেল্ট খুলি উপৰ্যুপৰি প্ৰহাৰ কৰি প্ৰেমিকাৰ পিঠিৰ ছাল চিৰাচিৰ কৰিলে এজন উন্মত্ত যুৱকে। স্থানীয় একাংশ সজাগ যুৱকৰ সময়োপযোগী হস্তক্ষেপৰ বাবেই যুৱতীগৰাকী নিশ্চিত মৃত্যুৰ মুখৰ পৰা কথমপি ৰক্ষা পৰে।
জানিব পৰা মতে, কলবাৰী চাৰিঘৰীয়াৰ বাসিন্দা ২৭ বছৰীয়া যুৱকজনৰ সৈতে কাৰেং চাপৰিৰ যুৱতীগৰাকীৰ বিগত প্ৰায় এটা দশক ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দেওবাৰে নিৰ্জন স্থানত দুয়োৰে মাজত কোনো কথাক লৈ তীব্ৰ কাজিয়াৰ সূত্ৰপাত হয়। ইয়াৰ পিছতেই ক্ষুব্ধ হৈ যুৱকজনে যুৱতীগৰাকীক পথৰ ওপৰতে বগৰাই লৈ পিন্ধি থকা বেল্টেৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে আঘাতৰ কোবত যুৱতীগৰাকীৰ পিঠিৰ ছাল ফাটি ৰক্তাক্ত হৈ পৰে।
প্ৰেমিকৰ আকস্মিক পাশৱিক আক্ৰমণত দিশহাৰা হৈ যুৱতীগৰাকীয়ে প্ৰাণৰ মমতাত চিঞৰ-বাখৰ কৰাত কাষতে থকা কেইবাজনো স্থানীয় যুৱক লগে লগে ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে প্ৰেমিকৰ কবলৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও যুৱকজনৰ মুখত কোনো ধৰণৰ অনুশোচনা দেখা নগ’ল।
স্থানীয় যুৱকসকলৰ সন্মুখত নিজৰ অপৰাধৰ চাফাই গাই অভিযুক্ত প্ৰেমিকে কয়, “মই তাইক সুদীৰ্ঘ দহ বছৰে ভাল পাই আহিছো, কিন্তু ইয়াৰ পিছতো তাই আন এজন যুৱকক বহু আপত্তিজনক ফটো দি আহিছে। সেইবাবেই মই তাইক আক্ৰমণ কৰিছো।”
প্ৰত্যক্ষদৰ্শী যুৱকসকলৰ মতে, সেই সময়ত হস্তক্ষেপ নকৰা হ’লে হয়তো অভিযুক্তই যুৱতীগৰাকীক নিৰ্জন পথতে হত্যা কৰি কাষৰ ব্ৰহ্মপুত্ৰ নদীত পেলাই দিলেহেঁতেন। স্থানীয় ৰাইজে দুয়োকে ঘটনাস্থলীতে আবদ্ধ কৰি নিমাতী আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ এটা দল ততাতৈয়াকৈ উপস্থিত হৈ দুয়োকে থানালৈ লৈ যায় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। আৰক্ষীয়ে দুয়োপক্ষৰ পৰিয়ালৰ অভিভাৱকক থানালৈ মাতি আনি সমগ্ৰ ঘটনাৰ বিস্তৃত তদন্ত অব্যাহত ৰাখিছে।
