নতুন ব্যৱসায়িক বীমাৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত জীৱন বীমাকৰ্তা আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চিউৰেন্সে সকলো যোগ্য অংশগ্ৰহণকাৰী আঁচনিধাৰকক বিত্তীয় বৰ্ষ ২০২২-ৰ বাবে বাৰ্ষিক ৯৬৮.৮ কোটি টকাৰ বোনাচ ঘোষণা কৰিছে। এইটো বোনাচ পৰিশোধৰ একেৰাহে ১৬ তম বছৰ আৰু লগতে কোম্পানীয়ে এতিয়ালৈকে সৰ্বাধিক, বিত্তীয় বৰ্ষ ২০২১ বোনাচ ১২% অতিক্ৰম কৰিছে। ৩১ মাৰ্চ, ২০২২ তাৰিখলৈকে বলবৎ থকা সকলো অংশগ্ৰহণকাৰী আঁচনি এই বাৰ্ষিক বোনাচ প্ৰাপ্ত কৰিবলৈ যোগ্য, যাক আঁচনিধাৰকৰ লাভালাভত যোগ দিয়া হ’ব।
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চিউৰেন্সে আগবঢ়োৱা অভিনৱ অংশগ্ৰহণকাৰী সামগ্ৰীৰ পৰিসৰে গ্ৰাহকসকলক ঘোষিত বোনাচৰ ৰূপত মূলধন গেৰাণ্টি আৰু বিকাশ দুয়োটাপ্ৰদান কৰে। ই পৰিয়ালটোক জীৱন আৱৰণৰ দ্বাৰা আৰ্থিক সুৰক্ষাপ্ৰদান কৰে। শক্তিশালী পুঁজি ব্যৱস্থাপনা ক্ষমতা আৰু শক্তিশালী বিপদাশংকা ব্যৱস্থাপনা পদ্ধতিৰ সৈতে কোম্পানীয়ে ক্ৰয়ৰ সময়ত লাভালাভৰ দৃষ্টান্তত দেখুওৱাতকৈ অধিক বোনাচৰ সৈতে অংশগ্ৰহণকাৰী আঁচনিধাৰকসকলক নিৰন্তৰ পুৰস্কৃত কৰিবলৈ সক্ষম কৰিছে। ই গ্ৰাহকসকলক তেওঁলোকৰ বিত্তীয় লক্ষ্য প্ৰাপ্ত কৰিবলৈ সক্ষম কৰাত অংশগ্ৰহণকাৰী সামগ্ৰীৰ কাৰ্যকাৰীতা প্ৰদৰ্শন কৰে।
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চিউৰেন্সৰ মেনেজিং ডাইৰেক্টৰ আৰু চিইঅ’ শ্ৰী এন এছ কান্ননে কয়, “গ্ৰাহকসকলে তেওঁলোকৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে আমাক তেওঁলোকৰ জীৱনৰ সঞ্চয় অৰ্পণ কৰে আৰু আমি বিশ্বাস কৰোঁ যে এই বোনাচে আমাৰ অংশগ্ৰহণকাৰী আঁচনিধাৰকসকলক তেওঁলোকৰ বিত্তীয় লক্ষ্যৰ ওচৰলৈ এখোজ আগুৱাই যাবলৈ সক্ষম কৰিব।”