পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুগৰাকীকৈ ভাৰতীয় সেনা জোৱানৰ

89

পূব ছিকিমৰ জুলুকত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত নিহত হয় ভাৰতীয় সেনাৰ দুজন জোৱান।

শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

জোৱান কেইজনে নাথু লা সীমান্ত অঞ্চললৈ গৈ থকা অৱস্থাত তেওঁলোক থকা গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাত নিহত হোৱা জোৱান কেইজন হৈছে য়ানগাং নগৰৰ কাৰোংথাঙৰ লেন্স নায়ক মনোজ চেত্ৰী আৰু মিৰিক নিবাসী চুবেদাৰ সোম বাহাদুৰ চুব্বা।

দুয়োজন জোৱান কুপুপত থকা ছিকিম স্কাউটত নিয়োজিত আছিল।

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে জোৱান দুজনৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, “শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰিবলৈ প্ৰাৰ্থনা জ্ঞাপন কৰিছো।”