টিভিএছ ভেনু গ্ৰুপৰ অন্তৰ্ভুক্ত হোম ক্ৰেডিট ইণ্ডিয়াই সম্পূৰ্ণ নগদ ধনৰ লেনদেনৰ বিনিময়ত ভাৰ্থনা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰাৰ বাবে এক চুক্তিত উপনীত হৈছে। অৱশ্যে এই প্ৰক্ৰিয়াটো ৰিজাৰ্ভ বেংক আদিকে ধৰি আনুষংগিক নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ অনুমোদনৰ সাপেক্ষেহে সম্পন্ন হ’ব। এই প্ৰস্তাৱিত অধিগ্ৰহণৰ মূল উদ্দেশ্য হৈছে সুৰক্ষিত আৰু দীৰ্ঘম্যাদী শিক্ষা ঋণ খণ্ডত প্ৰৱেশ কৰি টিভিএছ ভেনুৰ বিত্তীয় সেৱাৰ পৰিসৰ অধিক শক্তিশালী কৰা। টিভিএছ ভেনুৱে জনোৱা মতে, ভাৰতৰ বৰ্ধিত ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এক উচ্চ মানদণ্ডৰ বিত্তীয় সেৱা গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটোৰ যি দীৰ্ঘম্যাদী কৌশল, তাৰ সৈতেই এই পদক্ষেপ সংগতিপূৰ্ণ। বৰ্তমান টিভিএছ ক্ৰেডিট চাৰ্ভিচেছ আৰু হোম ক্ৰেডিট ইণ্ডিয়াৰ জৰিয়তে গ্ৰুপটোৱে ক্ৰেডিট কাৰ্ড, খুচুৰা আৰু বাণিজ্যিক বিত্তীয় ক্ষেত্ৰত কাম কৰি আছে। এতিয়া বিশেষভাৱে শিক্ষা বিত্তীয় খণ্ডৰ বাবে পৰিচিত ভাৰ্থনাই এই গ্ৰুপটোক অধিক পৰিপূৰ্ণ কৰি তুলিব।
টিভিএছ মটৰ কোম্পানীৰ অধ্যক্ষ সুদৰ্শন ভেনুৱে এই চুক্তি সন্দৰ্ভত মন্তব্য কৰি কয় যে, ভাৰতৰ বিত্তীয় সেৱা খণ্ডত দীৰ্ঘম্যাদী বিকাশৰ বাবে এক শক্তিশালী সম্ভাৱনা আছে। কিয়নো বৰ্তমান সময়ত বিত্তীয় আনুষ্ঠানিকতা বৃদ্ধি পাইছে, ঋণৰ সুবিধা অধিক সহজ হৈছে আৰু বিশেষ ঋণকেন্দ্ৰিক সেৱাৰ চাহিদাও ক্ৰমান্বয়ে বাঢ়িছে। আনহাতে, ভাৰ্থনাৰ সম্পূৰ্ণ সময়ৰ সঞ্চালক তথা কাৰ্যবাহী উপাধ্যক্ষ ষ্টিভ হাৰ্গ্ৰেভে এই বিষয়ে কয় যে, টিভিএছৰ সৈতে হোৱা এই অংশীদাৰিত্বই কোম্পানীটোৰ ভেটি শক্তিশালী কৰিব, ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব আৰু পৰৱৰ্তী পৰ্যায়ৰ বিকাশত সহায় কৰিব।
এই প্ৰস্তাৱিত অধিগ্ৰহণৰ ফলত গুৱাহাটীসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এক ইতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। কিয়নো এই অঞ্চলসমূহত ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণৰ লগে লগে শিক্ষা ঋণ আৰু প্ৰতিষ্ঠানিক ঋণৰ চাহিদাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উদ্যোগ বিশেষজ্ঞসকলৰ মতে, নিয়ন্ত্ৰণকাৰী সংস্থাৰ পৰা চূড়ান্ত অনুমোদনৰ পিছত টিভিএছ ভেনুৰ দৰে শক্তিশালী বিত্তীয় প্লেটফৰ্মৰ সহায়ত এই অঞ্চলত বিশেষ শিক্ষা ঋণৰ সুবিধা অধিক সহজলভ্য হ’ব। এই বিকল্পই শিক্ষা প্ৰতিষ্ঠানসমূহক সহায় কৰাৰ লগতে মহানগৰখনৰ বৰ্ধিত বিত্তীয় ব্যৱস্থালৈও ইতিবাচক বৰঙণি যোগাব।
