ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ বিদেশী ঘোষণা কৰা দুই মহিলাৰ পৰিয়ালক ২ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ ।বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে পৰিয়ালক অৱগত নকৰাকৈয়ে তথা তেওঁলোকক আইনী সহায় ল’বলৈ অনুমতি নিদিয়াকৈয়ে বাংলাদেশলৈ প্ৰেৰণ কৰিছিল ।দুই পৃথক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কল্যান ৰায় চূৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচাৰপীঠে ৩ ছেপ্তেম্বৰত মমতাজ বেগম আৰু জাহানাৰা বেগমক ওভতাই অনাৰ বাবে বৈদেশিক মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে ।
