কৰ্পৰেট এজেঞ্চী ডিলৰ বাবে পিএফপিডিএলৰ সৈতে সহযোগিতা এইচডিএফচি লাইফৰ

770

ভাৰতৰ আগশাৰীৰ বীমাকৰ্তা প্ৰতিষ্ঠান এইচডিএফচি লাইফে কৰ্পোৰেট এজেঞ্চী লেনদেন বা সুবিধা প্ৰদানৰ বাবে পিয়াৰলেছ ফাইনেন্সিয়েল প্ৰডাক্টছ ডিষ্ট্ৰিবিউচন লিমিটেড(পিএফপিডিএল)ৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ জৰিয়তে পিএফপিডিএলক নিজৰ গ্ৰাহকসকলক এইচডিএফচি লাইফৰ জীৱন বীমা সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ সক্ষম কৰি তুলিব। পিএফপিডিএল হৈছে পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু বৃহৎ এনবিএফচিবোৰৰ ভিতৰত অন্যতম পিয়াৰলেছ জেনেৰেল ফাইনেঞ্চ এণ্ড ইনভেষ্টমেণ্ট কোম্পানী লিমিটেড(পিজিএফআই)ৰ এক সহায়ক প্ৰতিষ্ঠান। পিএফপিডিএলৰ ৪২টা স্থানত বিশাল গ্ৰাহক ভিত্তিক আধাৰ কৰি ৪০টা শাখা সম্প্ৰসাৰিত কৰিছে।

পিয়ৰলেছ ফাইনেঞ্চিয়েল চাৰ্ভিচেছ লিমিটেডে (পিএফপিডিএল) গ্ৰাহকসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে এইচডিএফচি লাইফৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে বিশ্বৰ বজাৰৰ তুলনাত জীৱন বীমাৰ প্ৰৱেশ বা উপলব্ধতা কম থকা অঞ্চলবোৰত এইচডিএফচি লাইফৰ উপস্থিতি বৃদ্ধি কৰা। এই অংশীদাৰিত্বৰ জৰিয়তে গ্ৰাহকে নিজৰ পছন্দৰ সেৱাৰ ধৰণ বা বিকল্প বাছি ল’ব পাৰিব। এইচডিএফচি লাইফে মানুহৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিভিন্ন পৰিসৰৰ সামগ্ৰী আগবঢ়ায়, যিয়ে সামগ্ৰিক আৰ্থিক সুৰক্ষা প্ৰদান কৰে আৰু গ্ৰাহকসকলৰ দীৰ্ঘম্যাদী আৰ্থিক লক্ষ্য পূৰণ কৰিবলৈ সক্ষম কৰি তোলে।

২০২৪ বিত্তীয় বৰ্ষত এইচডিএফচি লাইফে ৯৯.৭% দাবী নিষ্পত্তিৰ অনুপাতৰ সৈতে ৬৬ মিলিয়তকৈ অধিক লোকৰ জীৱন সুৰক্ষিত কৰি তুলিছে। নতুন সংস্থাটোৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি পিয়াৰলেছ ফাইনেঞ্চিয়েল প্ৰডাক্টছ ডিষ্ট্ৰিবিউচন লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ এণ্ড চিইঅ’  সত্যকী ভট্টাচাৰ্যই কয় যে, “প্ৰতিটো পৰিয়ালক আৰ্থিকভাৱে সুৰক্ষিত কৰাৰ প্ৰচেষ্টাত এইচডিএফচি লাইফৰ সৈতে সহযোগিতা কৰিবলৈ পাই আমি আনন্দিত।”