গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু বাংলাবাৰী কালি মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰা বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ গোৱালপাৰা চহৰত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা দুৰ্গা মন্দিৰত থকা ৫ টাকৈ মূৰ্তি ভাঙি পলায়ন দুৰ্বৃত্তৰ।গোৱালপাৰা সেই দুৰ্গা মন্দিৰত প্ৰৱেশ কৰি নিশাৰ অন্ধকাৰৰ সুযোগত ৫ টাকৈ দেৱীৰ মূৰ্তি ভাঙি লণ্ড- ভণ্ড কৰা দুৰ্বৃত্তক নিশাই গোৱালপাৰা আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্তটোৰ নাম চাহাব উদ্দীন আলী (৩১)।জানিব পৰা মতে, মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত এটা দুৰ্বৃত্তই দুৰ্গা মন্দিৰৰ ভিতৰত কোনো নথকাৰ সুযোগত প্ৰৱেশ কৰে। দুৰ্বৃত্তটোৱে দুৰ্গা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি এফালৰ পৰা লক্ষ্মী দেৱীৰ মূৰ্তি সহ ৫ টাকৈ মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰে। ইয়াৰ পাছতে পলায়ন কৰাৰ সময়তে দুৰ্বৃত্তটোক প্ৰত্যক্ষ কৰে এগৰাকী স্থানীয় ব্যক্তিয়ে।
