গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা কৰে ৷ অস্মিতাই শুকুৰবাৰে কানাডাৰ হাইডি কোৱাচক ৰোমাঞ্চকৰ ‘গোল্ডেন স্ক’ৰ’ মেচত পৰাস্ত কৰি মহিলাৰ-৪৮ কেজি শাখাৰ খিতাপ দখল কৰে ৷ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ ইভা ইউইঙক পৰাস্ত কৰাৰ পিছত ছেমি ফাইনেলত ঘৰুৱা প্ৰতিযোগী সমৰ শ্ব’ক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।
